শুৱালকুছি শংকৰদেৱ ধৰ্মালোচনী সভাৰ শতবৰ্ষ মহোৎসৱ! শতবৰ্ষ পূৰ্তি উপলক্ষে ‘জাগৰণ যাত্ৰা’ অনুষ্ঠান........

sualkuchi

শুৱালকুছি শংকৰদেৱ ধৰ্মালোচনী সভাৰ শতবৰ্ষ মহোৎসৱ
শতবৰ্ষ পূৰ্তি উপলক্ষে ‘জাগৰণ যাত্ৰা’ অনুষ্ঠান
বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শতবৰ্ষ মহোৎসৱ
জাগৰণ যাত্ৰাত অংশগ্ৰহণ আই-মাতৃ, ভকত-বৈষ্ণৱৰ
ভকত-বৈষ্ণৱৰ হৰিনামৰে মুখৰিত শুৱালকুছিলৰ ৰাজপথ

শুৱালকুছি শ্ৰী শ্ৰী শংকৰদেৱ ধামৰ মহাপুৰুষীয়া ধৰ্মালোচনী সভাৰ শতবৰ্ষ  মহোৎসৱ । বছৰযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠাত হ'বলগীয়া এই মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় জাগৰণ যাত্ৰা। 

এই উদ্দেশ্য শংকৰদেৱ ধামৰ সম্মুখৰ  পৰা আৰম্ভ হোৱা এই জাগৰণ যাত্ৰাত অংশ গ্ৰহণ  কৰে আই-মাতৃ, ভকত বৈষ্ণৱে৷ ধৰ্মীয় শোভযাত্ৰাত শ্ৰী শ্ৰী ঈশ্বৰ বৰসত্ৰ, মাটিখোলা সত্ৰ, পোৰাভেটি সত্ৰৰ  লগতে কেইবাখনো সত্ৰৰ ভকত বৈষ্ণৱে অংশ গ্ৰহণ কৰে।

খোল-তাল, গায়ন বায়নৰে শুৱালকুছিৰ মাজেৰে শোভাযাত্ৰা কৰা এই জাগৰণ যাত্ৰাত হৰিনামৰে মুখাৰিত কৰি তোলে শুৱালকুছিলৰ ৰাজপথ ।

Category
Profile picture for user UB Photos