![lemon](/sites/default/files/styles/article_detail/public/2024-02/Lemon.jpg?itok=HhQMGsdI)
নেমুটেঙাক বৰ্তমান ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। নেমুটেঙা আমাৰ স্ব্যাস্থৰ কাৰণে বহু উপযোগী। ঘৰত কাৰোবাৰ বমি ভাব আহিলে নেমুৰ পাত হাতেৰে মোহাৰি শুঙিবলৈ দিয়া পৰম্পৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত আছে।
পেটৰ অসুখ হ’লে আচাৰৰ বৈয়ামত নিমখত দিয়া অকণমান নেমু খালে পেটৰ অসুখ ভাল হয়। নেমুটেঙাক বিভিন্ন ঠাইত কাজী টেঙা বুলিও কয়।
নেমুটেঙাৰ বহু ঔষধি গুণ আছে?
১)পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।
২) মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়।
৩) চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী।
৪)সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে।
৫) ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে।
৬) আমি গ্ৰহণ কৰা খাদ্যৰ প্ৰয়োজনীয় পুষ্টি শৰীৰত শোষিত হোৱাত নেমুৰ ৰস আৰু বাকলিয়ে যথেষ্ট সহায় কৰে।
- Log in to post comments