শংকৰ সংঘৰ অধিৱেশনৰ পিছতে ৰঙিয়াত এইবাৰ অনুষ্ঠিত ইস্তেমা!......

Estema

শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ পিছতে ৰঙিয়াত এইবাৰ অনুষ্ঠিত হ’ব ইস্তেমা। অসমৰ ৭ খন জিলাৰ আৰু শ্বিলঙৰ এখন জিলাৰ প্ৰায় ১০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰিব এই ইস্তেমাত। দিল্লীৰ নিজামুদ্দিনৰ ৬ গৰাকী ধৰ্ম গুৰু আৰু অসমৰ কেইবাগৰাকীও ধৰ্ম গুৰুৱে জ্ঞান দিব ইস্তেমাত অংশগ্ৰহণ কৰা লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকসকলক। 

লগতে ধৰ্ম বিৰোধী কাৰ্য, সমাজ বিৰোধী কাৰ্য, অনৈতিক কাৰ্য, মদ, ড্ৰাগছ, নিচা জাতীয় দ্ৰব্য আদিৰ পৰা কিয় দূৰত থাকিব লাগে তাৰ ওপৰত জ্ঞান দিব ধৰ্ম গুৰুসকলে। 

ইফালে ইস্তেমাৰ সময়চোৱাত যদি যান যতৰ সৃষ্টি হয় তেন্তে ইজটিমাৰ সহস্ৰাধিক স্বেচ্ছাসেৱকে যান বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব। লগতে ইজটিমাত অংশগ্ৰহণ কৰিবলৈ অহা লোকসকলৰ বাবে থকা, খোৱাৰ ব্যৱস্থা লৈছে। 

১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগা ইস্তেমাৰ বাবে ৰাইজে আগবঢ়াইছে প্ৰায় ৬০ হাজাৰ বাঁহ, ধানৰ নৰা। প্ৰায় ৫০০ বিঘাৰ বৃহৎ পথাৰত নিৰ্মাণ কৰা হৈছে পেণ্ডেল।

অসমৰ কামৰূপ, কামৰূপ মহানগৰ, মৰিগাঁও, দৰং, বাক্সা আৰু আৰু শ্বিলঙৰ পৰা প্ৰায় ১০ লক্ষাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰিব ধৰ্মীয় সভাখনত। ১৫ ফেব্ৰুৱাৰীৰ দিনাখন ইস্তেমাৰ অন্ততঃ ১০ লক্ষাধিক লোকে বিশ্ব শান্তিৰ বাবে দোৱা কৰিব আল্লাহৰ ওচৰত। 
 

Category
Profile picture for user UB Photos