উদুলি-মুদুলি ৰঙিয়া অধিৱেশনস্থলী; হৰিনামৰ ধ্বনিৰে মুখৰিত ৰঙিয়াৰ হাতীখলা পথাৰ......

rangia

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন। গুৰু বন্দনাৰে মুখৰ হৈ পৰিছে ৰঙিয়াৰ হাতীখলা পথাৰ। অধিৱেশন উপলক্ষে হাতীখলা পথাৰত সমবেত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভকত-বৈষ্ণৱ আৰু আইমাতৃ। 

হাজাৰ হাজাৰ ভকত-বৈষ্ণৱৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙিয়াৰ হাতীখলা পথাৰৰ অধিৱেশস্থলী। যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে ৰঙিয়াৰ হাতীখলা পথাৰ।

শনিবাৰে পুৱাৰে পৰা অধিৱেশনস্থলীলৈ সোত বৈছে বহুতো ভকত, বৈষ্ণৱ, আই মাতৃৰ। লোকে লোকাৰণ্য হৈ পৰিছে প্ৰায় ৬০০ বিঘা ভূমিক সামৰি লোৱা ৰঙিয়াৰ হাতীখলা পথাৰত অনুষ্ঠিত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনস্থলী। 

মূল নামঘৰত পুৱাৰে পৰা আৰম্ভ হৈছে নাম কৃৰ্তনৰ। সেৱাবাহিনীৰ এক বিশাল দলক অধিৱেশনৰ প্ৰতিটো দিশ চোৱাচিতা কৰিবলৈ নিয়োগ কৰা হৈছে।

Category
Profile picture for user UB Photos