ঘৰৰ কোনটো দিশত লাফিং বুদ্ধক ৰাখিলে সুখ-সমৃদ্ধি বৃদ্ধি হয়? জানো আহক সঠিক দিশসমূহ..........

Laughing Buddha

ভাৰতত যিদৰে বাস্তু শাস্ত্ৰক গুৰুত্ব দিয়া হয় থিক তেনেদৰে চীন সভ্যতাত ফেং ছুইক গুৰুত্ব দিয়া হয়। বৰ্তমান সময়ত ভাৰতীয় বজাৰত ফেং ছুইৰ লগত জড়িত বিভিন্ন বস্তু পোৱা যায়। তাৰ ভিতৰত এটা হৈছে লাফিং বুদ্ধ। 

লোক বিশ্বাস অনুসৰি, লাফিং বুদ্ধই সুখ-সমৃদ্ধি কঢ়িয়াই আনে। উপহাৰ হিচাপে লাফিং বুদ্ধ অতি শুভ বুলি গণ্য কৰা হয়।

গতিকে, বাস্তু শাস্ত্ৰৰ মতে, ঘৰৰ কোনটো দিশত লাফিং বুদ্ধ ৰাখিলে ইতিবাচক প্ৰভাৱ পেলায়? 

বাস্তুশাস্ত্ৰৰ দৰে চীনৰ ফেংছুইতো বহু বস্তু আছে যাৰ সহায়ত ঘৰৰ বা ব্যৱসায়ৰ উন্নতি কৰিব পাৰে। লাফিং বুদ্ধ তাৰ ভিতৰত অন্যতম। লাফিং বুদ্ধক ঘৰত ৰাখিলে সমৃদ্ধি আহে বুলি কোৱা হয়। সেইবাবেই ঘৰত আৰু দোকানত লাফিং বুদ্ধ মূৰ্তি থোৱাটো শুভ।

ভাৰতীয় সংস্কৃতি অনুসৰি ধনৰ দেৱতা কুবেৰক যদি ঘৰৰ সঠিক দিশত ৰখা হয় তেন্তে আৰ্থিক সমস্যা দুৰ হয় বুলি এক বিশ্বাস আছে। ঠিক তেনেদৰে লাফিং বুদ্ধৰ মূৰ্তিটোৱেও সমৃদ্ধি, সফলতা আৰু শুভকামনা কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।

লাফিং বুদ্ধক পোনে পোনে মূল দুৱাৰৰ সন্মুখত ৰাখিব নালাগে। লাফিং বুদ্ধক প্ৰৱেশ দ্বাৰৰ সন্মুখত নাৰাখি সামান্য কোণত ৰাখিব পাৰি। লগতে, ঘৰত এনেদৰে ৰাখক যাতে অহা-যোৱাৰ সময়ত মানুহে মূৰ্তিটোৰ হাঁহিমুখীয়া মুখখন দেখা পায়। 

যদি আপোনাৰ ভাল উপাৰ্জন আছে, ঘৰত ভাল টকাৰ প্ৰবাহ আছে, কিন্তু একো সঞ্চয় কৰিব পৰা নাই, তেন্তে ঘৰত টকাৰ বাণ্ডিল এটা লৈ থকা লাফিং বুদ্ধ ৰাখক। কেইদিনমানৰ ভিতৰতে টকা জমা হ’বলৈ আৰম্ভ কৰিব। লাফিং বুদ্ধৰ হাঁহিমুখীয়া মুখখনে ঘৰখনলৈ ইতিবাচক শক্তি আনে।

Category
Profile picture for user UB Photos