"অসমৰ যিকোনো সমষ্টিত নিৰ্বাচন খেলিলে জয়লাভ কৰিব মুখ্যমন্ত্ৰী": মন্ত্ৰী পীযুষ হাজৰিকা

Election

বিৰোধী ব্যস্ত ২০২৪ ৰ লোকসভা নিৰ্বাচনকলৈ। কিন্তু মুখ্যমন্ত্ৰী সাজু হৈছে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে। সদনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল, ২০২৬ ত ১০০ ৰো অধিক আসন লৈ চৰকাৰ গঠন কৰিব বিজেপিয়ে। ইয়াৰ পাছতে বিধানসভাৰ বাহিৰত প্ৰতিক্ৰিয়াৰ জোৱাৰ।

উল্লেখ্য যে, ২০২৬ ত চেঞ্চুৰী কোবাব বিজেপিয়ে। ২০২৬ ত ১০০ ৰো অধিক আসন লৈ আমাৰ চৰকাৰ গঠন হ'ব সদনত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

লগতে, উজনিৰ যিকোনো সমষ্টিত নিৰ্বাচন খেলিলেও জয়লাভ কৰিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়াৰ জোৱাৰ শাসক বিৰোধীৰ মাজত। শাসকীয় বিধায়ক সকল উৎসাহি মুখ্যমন্ত্ৰীৰ ঘোষণাত। বিৰোধী বিধায়কৰ সমালোচনা মুখ্যমন্ত্ৰীক।

মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য, "অসমৰ যিকোনো সমষ্টিত নিৰ্বাচন খেলিলে জয়লাভ কৰিব মুখ্যমন্ত্ৰী"।
 
আনহাতে, মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ আন এক মন্তব্য, "মুখ্যমন্ত্ৰীয়ে যিটো সমষ্টিৰ পৰা নিৰ্বাচন খেলে, সেই সমষ্টিটোৰ উন্নয়ন হ'ব"। মুখ্যমন্ত্ৰীক বজালীৰ পৰা নিৰ্বাচন খেলিবলৈ আহ্বান মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ।

Category
Profile picture for user UB Photos