'স্বীকৃতি নথকা বস্তু এটা জীয়াই ৰাখি লাভ নাই'- শিক্ষামন্ত্ৰ! মেট্ৰিক পৰীক্ষাক লৈ বৃহৎ ঘোষণা.........

ranuj pegu

অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। মেট্ৰিক পৰীক্ষাৰ পূৰ্বে ২০২৫ বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। ২০২৫ বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত বিলুপ্ত হ’ব উচ্চতৰ মাধ্যমিকৰ স্থানপ্ৰাপ্তৰ ব্যৱস্থা।

সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱৰ মন্তব্য 'এতিয়াৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনো স্থান','মেট্ৰিকত স্থান পালেও IITত সুযোগ নাপায় শিক্ষাৰ্থীয়ে', 'মেট্ৰিকত স্থানৰ কোনো গুৰুত্ব নাথাকে', 'স্বীকৃতি নথকা বস্তু এটা জীয়াই ৰাখি লাভ নাই', 'স্থানপ্ৰাপ্ত উৎসাহী হোৱাৰ বিপৰীতে অনুৎসাহিত হয় বহুজন'।

লগতে, স্থানপ্ৰাপ্তৰ ব্যৱস্থাত নাই কোনো চৰকাৰী মান্যতা। আৰু মান্যতা নথকা বিষয় এটা ৰখাৰ প্ৰয়োজন ক’ত বুলি প্ৰশ্ন শিক্ষামন্ত্ৰীগৰাকীৰ। এতিয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনোধৰণৰ স্থান। ভাৰতবৰ্ষ বা পৃথিৱীৰ কোনো শিক্ষানুষ্ঠানে স্থান পোৱাটোক স্বীকৃতি নিদিয়ে : শিক্ষামন্ত্ৰী।

Category