অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। মেট্ৰিক পৰীক্ষাৰ পূৰ্বে ২০২৫ বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। ২০২৫ বৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত বিলুপ্ত হ’ব উচ্চতৰ মাধ্যমিকৰ স্থানপ্ৰাপ্তৰ ব্যৱস্থা।
সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱৰ মন্তব্য 'এতিয়াৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নাথাকিব কোনো স্থান','মেট্ৰিকত স্থান পালেও IITত সুযোগ নাপায় শিক্ষাৰ্থীয়ে', 'মেট্ৰিকত স্থানৰ কোনো গুৰুত্ব নাথাকে', 'স্বীকৃতি নথকা বস্তু এটা জীয়াই ৰাখি লাভ নাই', 'স্থানপ্ৰাপ্ত উৎসাহী হোৱাৰ বিপৰীতে অনুৎসাহিত হয় বহুজন'।