সাৱধান! এতিয়াৰে পৰা লিভ-ইন-ৰিলেশ্বনত থাকিবলৈ কৰিব লাগিব পঞ্জীয়ন........

live

এতিয়াৰে পৰা লিভ-ইন-ৰিলেশ্বনত থাকিবলৈ কৰিব লাগিব পঞ্জীয়ন। বিনা পঞ্জীয়নত যুৱক-যুৱতীয়ে Live in Relationshipত থাকিলে ভৰিব লাগিব গধুৰ পৰিমাণৰ জৰিমনা।

লিভ-ইন-ৰিলেশ্বনক লৈ কঠোৰ নিৰ্দেশনা উত্তৰাখণ্ডৰ চৰকাৰৰ। মংগলবাৰে Live in Relationshipৰ বাবে এখন বিশেষ আইন প্ৰস্তুত কৰিছে উত্তৰাখণ্ড চৰকাৰে।

কি কি নীতি-নিয়ম জাৰি কৰা হৈছে লিভ-ইন-ৰিলেশ্বনত?

১. যদিহে ২১ বছৰ বয়সৰ কোনোৱে লিভ-ইন-ৰিলেশ্বনত থাকিব বিচাৰে, তেন্তে পিতৃ-মাতৃৰ অনুমতি বাধ্যতামূলক।

২. আইন অনুসৰি, যদিহে কোনোৱে পঞ্জীয়ন অবিহনে এমাহতকৈ অধিক সময় লিভ-ইনত থাকে , তেন্তে তেওঁক তিনি মাহ কাৰাবাস বা ১০,০০০ টকাৰ জৰিমণা প্ৰদান কৰা হ'ব।

৩. যদিহে কোনো ব্যক্তিয়ে ব্যক্তিগত তথ্য লুকুৱাই ৰাখি লিভ-ইন সম্পৰ্কত থাকিলে তেওঁলোকক ৩ মাহৰ বাবে কাৰাবাস আৰু ২৫,০০০ টকালৈ জৰিমনা বিহা হ'ব।

৪. লিভ-ইনত থকা সময়ত যদি সন্তান জন্ম হয়, তেন্তে তাক বৈধ সন্তানৰ স্বীকৃতি দিয়া হ'ব।

৫. যদি সম্পর্কত থকা কোনোবাই 'নিষিদ্ধ সম্পর্ক'ত থাকে, ইয়াক লিভ-ইন সম্পর্ক হিচাপে পঞ্জীয়ন কৰা নহ'ব। ইয়াত নিষিদ্ধ সম্পৰ্কৰ অৰ্থ হৈছে বিবাহিত ব্যক্তিৰ বিবাহ বর্হিভূতভাবে থকা লিভ ইন সম্পর্ক।

৬. তেজৰ দ্বাৰা সম্পর্কিত কাৰোবাৰ সৈতে লিভ-ইন সম্পর্ক থকাটো নিষিদ্ধ সম্পর্ক বুলি গণ্য কৰা হ'ব।

৭. যদি লিভ-ইন সম্পৰ্কৰ অংশীদাৰ এজন নাবালক বা নাবালিকা হয়, তেনেহ'লে সম্পর্কটো পঞ্জীয়ন কৰা নহ'ব।

৮. যদি লিভ-ইন সম্পৰ্কত থাকিবলৈ সঙ্গীৰ সন্মতি বলপূর্বক বা প্রভাৱৰ দ্বাৰা প্ৰাপ্ত কৰা হয়, তেনেহ'লে সম্পর্কটো লিভ-ইন সম্পর্ক হিচাপে পঞ্জীয়ন কৰা নহ'ব।

লিভ-ইন সম্পর্ক ভংগ কৰাৰ নিয়ম-

যদি সম্পৰ্কৰ বিচ্ছেদ ঘটে তেতিয়া লিভ-ইন সম্পৰ্কৰ সমাপ্তি নহ'ব। লিভ-ইন সম্পর্ক সমাপ্তি ঘটাবলৈ দুয়োজনে পঞ্জীয়কৰ ওচৰত লিখিত বিবৃতি দাখিল কৰিব লাগিব। বিবৃতিটোৰ এটা প্রতিলিপি প্রাক্তন সঙ্গীকো দিব লাগিব।

Category
Profile picture for user UB Photos