কেনেকৈ মৃত্যু হ'ল জোনমণি ৰাভাৰ? দুৰ্ঘটনা, হত্যা নে চৰমপন্থা! এই সন্দৰ্ভত CBIৰ স্পষ্টিকৰণ.....

Junmoni Rabha

অৱশেষত জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত সকলোবোৰ স্পষ্ট কৰিলে CBIয়ে। অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ২০২৩ চনৰ ১৬ মে’ৰ পুৱতি নিশা প্ৰায় ২বজাত এটি পথ দুৰ্ঘটনাত মৃত্যু হৈছিল। এই মৃত্যুক সহজভাৱে লোৱা নাছিল পৰিয়ালৰ লোকে। 

এয়া এক পৰিকল্পিত হত্যা বুলি দাবী কৰিছিল সকলোৱে। সেয়েহে ৰহস্যজনক পথ দুৰ্ঘটনাত জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটো প্ৰথমে তদন্ত কৰিছিল CIDয়ে, পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে তদন্তৰ দায়িত্ব দিছিল CBIক।

উল্লেখ্য যে, আজি নগাঁও আৱৰ্ত ভৱনত CBIৰ চাৰিজনীয়া দল উপস্থিত হৈছিল। দীৰ্ঘদিনে নগাঁও আৱৰ্ত ভৱনত অস্থায়ী কাৰ্যালয় পাতিছিল CBIৰ দলে। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ সময়ত পাতিছিল অস্থায়ী কাৰ্যালয়। 

আজি পুনৰ আৱৰ্ত ভৱনত বাহৰ পাতিছে CBIৰ দলটোৱে। তাৰ পাছতে স্পষ্ট হয় সকলোবোৰ, দূৰ্ঘটনাত মৃত্যু হৈছিল অসম আৰক্ষীৰ সাহসী SI জোনমণি ৰাভাৰ। হত্যা অথবা চৰমপন্থাৰ কথা নস্যাৎ তদন্তকাৰী CBIৰ দলৰ। CBIয়ে দাখিল কৰা চাৰ্জশ্বীটত অনুসৰি দুৰ্ঘটনাতে মৃত্যু হৈছিল।

প্ৰায় ৭ মাহজোৰা তদন্তৰ অন্ত আজি CBIএ দাখিল কৰিলে প্ৰতিবেদন। জোনমণি ৰাভাৰ মৃত্যু পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।

Category
Profile picture for user UB Photos