নগাঁৱত গঢ়ি তোলা হৈছে "প্ৰণৱ বৰুৱা শিশু উদ্যান"! এই উদ্যানত শিশুসকলৰ বাবে কি কি সুবিধা আছে?.....

assam

নগাঁও চহৰ খনক আটকধুনীয়া কৰি তোলাৰ লক্ষ্যৰে গঢ়া হৈছে "প্ৰণৱ বৰুৱা শিশু উদ্যান"। নগাঁও চহৰৰ কলঙৰ পাৰত অৱস্থিত এই উদ্যানখন। সংস্কৃতি ক্ষেত্ৰখনত অনবদ্য অবদান আগবঢ়াই অহা নগাৱঁৰ প্ৰয়াত স্বনামধন্য শিল্পী প্ৰণৱ বৰুৱাৰ স্মৃতিত উৎসৰ্গিত এই উদ্যান। 

উল্লেখ্য যে, অমৰুট আঁচনিৰ অধীনত অতি সুন্দৰকৈ নিৰ্মাণ হোৱা উদ্যানখনত শিশুৰ পৰা প্ৰাপ্তবয়স্ক লৈকে সকলো লোকে সুন্দৰ কৈ সময় অতিবাহিত কৰি কিছু সময়ৰ বাবে মন মুকলি কৰিব পাৰিব।

বৰ্তমান সময়ত সকলো মানুহ ব্যস্ত নিজ নিজ কৰ্মত। থিক তেনেকৈ মাক-দেউতাকে নিজৰ কৰ্ম জীৱনত ব্যস্ত হোৱাৰ বাবে সন্তান সকলক উচিত সময় দিব নোৱাৰে। যাৰ বাবে সৰু সৰু ল’ৰা-ছোৱালীৰ  হাতত ম’বাইল ফোন দেখিবলৈ পোৱা যায়। 

সেইবাবে কিছু সময় শিশু সকলেও মুকলিকৈ খেলা ধূলা কৰাৰ লগতে ব্যস্ত মাক-দেউতাকেও ল’ৰা-ছোৱালীক সময় দি কিছু সময় জিৰণি ল’ব পৰাকৈ গঢ় লৈ উঠা নগাৱঁৰ এই উদ্যানখন হৈছে “প্ৰণৱ বৰুৱা শিশু উদ্যান”। লগতে শিশুৰ বাবে প্ৰয়োজনীয় সকলো খেলা ধূলা ৰ সামগ্ৰীৰ ব্যৱস্থা থকা প্ৰণৱ বৰুৱা শিশু উদ্যানৰ জৰিয়তে শিশু সকল যথেষ্ট উপকৃত হ’ব পাৰিব।

Category
Profile picture for user UB Photos