লোকসভা নিৰ্বাচনৰ কাউণ্ট-ডাউন আৰম্ভ! নিৰ্বাচনী ৰণশিঙা বজাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী...........

modi

দেশজুৰি আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ কাউণ্ট-ডাউন ৷ অসমতো লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলিছে। অসমত নিৰ্বাচনী বতাহ জাক অধিক তীব্ৰতৰ কৰিবলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ আগমনত আশাবাদী বিজেপিৰ নেতা কৰ্মী। 

উল্লেখ্য যে, ৩ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী। নিৰ্বাচনী ৰণশিঙা বজাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী। ৪ ফেব্ৰুৱাৰীত খানাপাৰাত ডেৰ লক্ষাধিক লোকৰ উপস্থিতিত বিজেপিৰ বিশেষ সভা। এই সভাৰেই নিৰ্বাচনলৈ সাঁজু হ'ব বিজেপি। 

যিহেতু দেশজুৰি লোকসভা নিৰ্বাচনৰ গৰম বতাহ বলিছে। অসমতো ১৪ খন আসনক কেন্দ্ৰ কৰি আৰম্ভ হৈ গৈছে নিৰ্বাচনী কুচকাৱাজ ৷ এই কুচকাৱাজ অধিক তীব্ৰতৰ কৰিবলৈ ৩ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

বহুকেইটা প্ৰকল্পৰ শিলান্যাসৰ লগতে কেইবাটাও প্ৰকল্প উদ্বোধনো কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে। প্ৰধানমন্ত্ৰীয়ে আশাৰ বতৰা কঢ়িয়াই আনিব বুলি ৰৈ আছে বিজেপিৰ নেতা কৰ্মী।
 
অসমলৈ আহি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব আলাবৈৰ ৰণৰ স্মৃতিত নিৰ্মাণ কৰা উদ্যান। বীৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তি ভাৰ্চুৱেলী উন্মোচন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

লগতে, আধাৰশিলা কৰা হ'ব বহুকেইখন চিকিৎসা মহাবিদ্যালয়ৰ। প্ৰায় ১০হাজাৰ কোটিৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে ইখনৰ পাছত সিখন বৈঠক বহিছে জনতা ভৱনত। দায়িত্ব দিয়া হৈছে বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ, তথা মৰ্চা সমূহক। 

৩ফেব্ৰুৱাৰীত খানাপাৰাত ১ লাখ বন্তি প্ৰজ্বলন কৰিব বিজেপিৰ মহিলা আৰু যুৱ মৰ্চাই। প্ৰধানমন্ত্ৰীক ২ হাজাৰ বাইক ৰেলীৰে আদৰিব যুৱ মৰ্চাই। লোকসভা নিৰ্বাচনৰ বাবে সকলো দিশৰ পৰাই সাঁজু ৰাজ্যিক বিজেপি। 

কিন্তু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে বিজেপিৰ নিৰ্বাচনী বতাহ জাকক অধিক তীব্ৰতৰ কৰি তুলিব। সেই আশাত উৎসাহী বিজেপিৰ নেতা কৰ্মী।

Category
Profile picture for user UB Photos