আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে অন্তৱৰ্তীকালীন বাজেট! এই বাজেটক লৈ কি ক'লে সীতাৰণে?.......

Budget

আজি পুৱা ১১ বজাত কেন্দ্ৰীয় চৰকাৰৰ অন্তৱৰ্তীকালীন বাজেট দাখিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে অন্তৱৰ্তীকালীন বাজেট। ষষ্ঠবাৰৰ বাবে বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী গৰাকীয়ে। বাজেট দাখিলেৰে অভিলেখ নিৰ্মলা সীতাৰমণৰ বাজেটৰ লগতে দাখিল কৰা হ'ল ৰে’ল বাজেটো। 

উল্লেখ্য যে, আৰু এক ডেৰমাহৰ পিছতেই দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। তাৰ পিছতেই কেন্দ্ৰত গঠন হ’ব নতুন চৰকাৰ। সেইবাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ বিত্তীয় বৰ্ষৰ পৰিৱৰ্তে কেইমাহমানৰ বাবেহে বাজেট দাখিল কৰে। সেইবাবে ইয়াক অন্তৱৰ্তীকালীন ৱাজেট বুলি কোৱা হয়। নিৰ্বাচনৰ পিছত যেতিয়া নতুন চৰকাৰ গঠন হ’ব তেতিয়া নৱনিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰে সংসদৰ অধিৱেশন অনুষ্ঠিত কৰিব আৰু বিত্তমন্ত্ৰীয়ে দাখিল কৰিব পূৰ্ণাংগ বাজেট।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অন্তৱৰ্তীকালীন বাজেট ভাষণত কয় যে, মোদী চৰকাৰৰ অধীনত কৰ্মসংস্থাপন আৰু উদ্যোগীকৰণৰ ক্ষেত্ৰত সুযোগ সৃষ্টি হৈছে। লগতে তেওঁ কয় যে, বিগত ১০ বছৰত ইতিবাচক পৰিৱৰ্তন ঘটিছে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত দেশখন দ্ৰুতগতিত আগবাঢ়িছে। সাধাৰণ ৰাইজ উন্নয়নৰ দ্বাৰা উপকৃত হৈছে। 

‘সবকা সাথ আৰু সবকা বিকাশ’ এই চৰকাৰৰ মৌলিক মন্ত্ৰ বুলিও উল্লেখ কৰে। ক’ৰোনাৰ পিছত অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে। মানুহে নতুন কৰ্মসংস্থাপনৰ সুযোগ পোৱাৰ লগতে মোদী চৰকাৰে যুৱ দেশৰ আকাংক্ষা পূৰণ কৰিছে বুলি তেওএ কয়। তেওঁ কয় যে, ‘‘ গাঁৱে-ভূঞে মানুহৰ উন্নয়ন কৰাত আমাৰ চৰকাৰৰ গুৰুত্ব।’’

Category
Profile picture for user UB Photos