অপেক্ষা মাথো ২২ জানুৱাৰীলৈ! উক্ত দিনটোত সকলো চৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠানত অৰ্ধছুটীৰ ঘোষণা ৰাজ্য চৰকাৰৰ..............

ram mandir

অপেক্ষা মাথো ২২ জানুৱাৰীলৈ! অযোধ্যাৰ লগতে সমগ্ৰ দেশত এতিয়া ৰাম মন্দিৰক লৈ উৎসুকতা বৃদ্ধি পাইছে। ইতিমধ্যেই ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে ৰাম মন্দিৰত বিভিন্ন ৰীতি-নীতিসমূহ আৰম্ভ হৈছে।

লগতে, ভগৱান শ্ৰীৰামৰ শিশু ৰূপৰ দৰ্শন কৰিবলৈ বহু ভক্তই অযোধ্যালৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছে। দেশৰ বিভিন্ন ঠাইত ব্যক্তিগত প্ৰতিষ্ঠান, ধৰ্মীয় দল-সংগঠনসমূহে বহু কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, দেশৰ ৰাজ্য চৰকাৰসমূহেও ভগৱান শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে বিভিন্ন পদক্ষেপ হাতত লৈছে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে দেশৰ কেইবাখনো ৰাজ্যত বিদ্যালয়, মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয় বন্ধ দিয়া হৈছে। লগতে কিছু কিছু ৰাজ্যত ড্ৰাই ডে' হিচাপে ঘোষণা কৰা হৈছে। 

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অযোধ্যা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি উক্ত দিনা ৰাজ্যত অৰ্ধছুটীৰ কথা ঘোষণা কৰিছে। কিন্তু ২২ জানুৱাৰীৰ দিনটোত ৰাজ্যৰ সকলো চৰকাৰী শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয়সমূহ দিনৰ ২ বাজি ৩০ বজালৈ বন্ধ থাকিব ৷

উক্ত দিনা অসমৰ সকলো বিদ্যালয়, মহাবিদ্যালয়সমূহ বন্ধ থাকিব। অৱশ্যে, মহাবিদ্যালয়সমূহত কৰ্মচাৰী তথা অধ্যাপকসকল আহিব লগা হ’ব পাৰে। যদি কোনোবা অধ্যাপকে ২ বাজি ৩০ মিনিটৰ পিছত পাঠদান কৰিব বিচাৰে, তেন্তে কলেজীয়া ছাত্ৰ-ছাত্ৰীসকল নিজ নিজ শিক্ষাষ্ঠানলৈ যাব লাগিব।

আনহাতে, চৰকাৰী কৰ্মচাৰীসকলে ২ বাজি ৩০ মিনিটৰ পিছত কৰ্মস্থলীলৈ আহিব লাগিব। তেওঁলোকক ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে অৰ্ধছুটী দিয়া হৈছে। ইয়াৰোপৰিও, ৰাজ্যত উক্ত দিনা ড্ৰাই ডে’ৰ ঘোষণা কৰা হৈছে।

Category
Profile picture for user UB Photos