অসমত প্ৰৱেশ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’! হালোৱাটিঙৰ পৰা আমগুৰিলৈ যাত্ৰা ৰাহুল গান্ধী..........

rahul

অসমত প্ৰৱেশ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’
আমগুৰি হৈ অসমলৈ কংগ্ৰেছৰ যুৱৰাজ
হালোৱাটিঙৰ পৰা আমগুৰিলৈ যাত্ৰা ৰাহুল গান্ধীৰ

ৰোড শ্ব’, ৰাজহুৱা জনসভাত অংশ ল’ব ৰাহুলে
ৰাহুল গান্ধীক আদৰিবলৈ সাজু অসম প্ৰদেশ কংগ্ৰেছ
মণিপুৰৰ ‘থৌবাল’ৰ পৰা আৰম্ভ ন্যায় যাত্ৰা

হালোৱাটিঙত ৰাহুল গান্ধীৰ এক চমু অনুষ্ঠানৰ পাছতেই ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে আমগুৰিলৈকে প্ৰায় ১৩ কিল’ মিটাৰ জোৰা এই যাত্ৰাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকিব। 

হালোৱাটিঙৰ এই ৰাজহুৱা সমাবেশত উজনি অসমৰ কেইবাখনো জিলাৰ পৰা প্ৰায় ২৫ হাজাৰ লোক সমবেত হোৱাৰ আশা প্ৰকাশ কৰিছে  কংগ্ৰেছে। ৰাহুল গান্ধীৰ এই ভাৰত জোৰো ন্যায় যাত্ৰাক লৈ ৰাষ্ট্ৰীয় দলটোৰ নেতা-কৰ্মীসকলৰ লগতে আৰক্ষী-প্ৰশাসনৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে।
 

Category
Profile picture for user UB Photos