বিশ্বৰ আটাইতকৈ নিৰাপদ স্থানত অঘটন! আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন হোৱাইট হাউচৰ গেট ভাঙি ভিতৰলৈ সোমাল এখন গাড়ী...............

usa white house

বিশ্বৰ আটাইতকৈ সুৰক্ষিত তথা নিৰাপদ স্থানত অঘটন। বিশ্বৰ আটাইতকৈ সুৰক্ষিত তথা নিৰাপদ স্থান বুলি গণ্য কৰা হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱন হোৱাইট হাউচক। কিন্তু এইবাৰ সেই সুৰক্ষিত স্থানতে ঘটিল অঘটন।

যোৱা ৯ জানুৱাৰী তাৰিখে সন্ধিয়া থিক ৬ মান বজাত নিৰাপত্তাৰ বেষ্টনী ভেদ কৰি এখন গাড়ীয়ে হোৱাইট হাউচৰ বাহিৰৰ গেটত খুন্দা মাৰি চৌহদৰ ভিতৰত চ’ৰাত প্ৰৱেশ কৰা ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, গাড়ীখনে গেট ভাঙি ভিতৰত প্ৰৱেশ কৰে যদিও বেছি দূৰলৈ যোৱাৰ আগতেই ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ বিষয়াসকলে গাড়ীখন ৰখাই দিয়ে। ইতিমধ্যে গাড়ীখন জব্দ কৰি চালকজনক নিজৰ জিম্মাত লৈ মাৰ্কিন আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মন কৰিবলগীয়া যে হোৱাইট হাউচত গাড়ী প্ৰৱেশ কৰা এয়া প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বে যোৱা বছৰৰ মে’ মাহতো এখন ট্ৰাকে তীব্ৰ গতিত নিৰাপত্তা বেৰিকেডত খুন্দা মাৰিছিল। লগে লগে ট্ৰাক চালকজনক নিৰাপত্তাৰক্ষীৰ বিষয়াসকলে গ্ৰপ্তাৰ কৰি তদন্ত চলাইছিল।

উল্লেখনীয় যে, ২০০১ চনৰ টুইন টাৱাৰ আক্ৰমণৰ পিছৰ পৰাই ইছলামিক জিহাদী সংগঠন সমূহৰ বিৰুদ্ধে যুঁজ দি আল কায়দাৰ প্ৰধান ওছামা বিন লাডেন ক ২০১১ চনত হত্যা কৰিছিল। তাৰ পাছৰ পৰাই ইছলামিক জিহাদী সংগঠন সমূহে হোৱাইট হাউচক আক্ৰমণৰ লক্ষ্য কৰি লোৱা খবৰ বিভিন্ন সময়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছে।

ইতিমধ্যে নিৰাপত্তাৰক্ষীৰ মুখ্য এন্থনী গুগ্লিয়েলমীয়ে ঘটনাৰ সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে।

Category
Profile picture for user UB Photos