প্ৰস্তুতি তুংগত! অহা ৯ ফেব্ৰুৱাৰীৰ পৰা ৰঙিয়াত ৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেব সংঘৰ অধিৱেশন.........

rangia

প্ৰস্তুতি তুংগত! এইবাৰ ৯৩সংখ্যক শ্ৰীমন্ত শংকৰদেব সংঘৰ অধিৱেশন অনুষ্ঠিত হ'ব ৰঙিয়াত। ৰঙিয়াৰ সমীপৰ মৰাণজান হাতীশলা পথাৰত অনুষ্ঠিত হ’ব অধিৱেশন। গতিকে, শংকৰ সঙ্ঘৰ বাপ-বান্ধৱক আদৰিবলৈ সাজু ৰঙিয়াবাসী।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত ধৰ্ম- সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন। অহা ৯ ফেব্ৰুৱাৰীৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি  তুংগত। ৰঙিয়া মৰাণজনাৰ হাতীশলা পথাৰ অনুস্থিত হ'ব লগা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক অধিৱেশন দিন চমু চাপি অহাৰ লগে লগে প্ৰতিদিনাই হাজাৰ হাজাৰ আই বাপৰ লগতে স্থানিয় লোক তথা জাতি-ধৰ্ম নিৰ্বিশেষে শ্ৰম দান কৰা দেখা গৈছে অধিবেশনস্থলীত। 

আনহাতে, শ্ৰমদান কৰা লোক সকলক ভোগৰ ব্যৱস্থা কৰি দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই।
 

Category
Profile picture for user UB Photos