‘বিজেপি আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু’ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত মুছলমানসকলক ঘৰত সোমাই থকাৰ আহ্বান বদৰুদ্দিন আজমলৰ..........

badaruddin

অহা ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। তাক লৈ দেশজুৰি চলিছে ব্যাপক প্ৰস্তুতি। এই ঐতিহাসিক দিনটোৰ বাবে সমগ্ৰ ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্বই বাট চাইছ। উক্ত অনুষ্ঠানত লাখ লাখ ভক্ত উপস্থিত থাকিব। 

সেয়েহে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত মুছলমানসকলক ঘৰত সোমাই থকাৰ আহ্বান বদৰুদ্দিন আজমলৰ। এই অনুষ্ঠানৰ বাবে ২০ তাৰিখৰ পৰা ২৫ তাৰিখলৈ মুছলমান লোকসকলক ৰে’লত ভ্ৰমণ নকৰিবলৈ আহ্বান জনালে আজমলে। লগতে এই সময়ছোৱাত মুছলমান লোকসকলক ঘৰতে সোমাই থাকিবলৈ আহ্বান জনালে বদৰুদ্দিন আজমলে। 

এক অনুষ্ঠানত আজমলে কয়, ‘আমাৰ মুছলমান ভাইসকলে ২০ তাৰিখৰ পৰা ২৫ তাৰিখ পৰ্যন্ত ৰে’লত ভ্ৰমণ নকৰিব। এই যে ৰাম জন্মভূমিৰ মূৰ্তি ৰখা হ’ব, ৰামৰ মূৰ্তি ৰখা হ’ব, গোটেই পৃথিৱীয়ে চাই থাকিব। গাড়ী, বাছ, ট্ৰেইন, ফ্লাইট সকলোতে মানুহে মানুহ থাকিব। বিজেপিৰ পৰিকল্পনা বহু ডাঙৰ। আমি শান্তি-সম্প্ৰীতি বজাই ৰখাই লাগিব, সেইবাবে এইকেইদিন ৰে’লত যাব নালাগে।’

লগতে, বদৰুদ্দিন আজমলে কয়, ‘এইকেইটা দিন ঘৰত থাকক, শান্তিত থাকক। আল্লাহৰ ওচৰত দোৱা কৰি থাকক। বিজেপি আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। প্ৰাণৰ শত্ৰু, ভাতৰ শত্ৰু, আজানৰ শত্ৰু, মাদ্ৰাছাৰ শত্ৰু, মছজিদৰ শত্ৰু, ইছলামিক আইনৰ শত্ৰু, তালাকৰ শত্ৰু।’

Category
Profile picture for user UB Photos