৩ বছৰৰ পিছত ১৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ইণ্ডো-ভূটান বন্ধুত্ব মেলা.......

meela

১৮ জানুৱাৰীৰ পৰা ইণ্ডো-ভূটান বন্ধুত্ব মেলা
৩ বছৰৰ পিছত অনুষ্ঠিত হ’ব এই বন্ধুত্ব মেলা
বিনিময় হ’ব সংস্কৃতিৰ লগতে খাদ্য সম্ভাৰ

উল্লেখ্য যে, প্ৰায় তিনি বছৰ বিৰতিৰ পাচত পুনৰ অনুষ্ঠিত হ’ব বাক্সাৰ ইণ্ডো-ভূটান বন্ধুত্ব মেলা। য’ত চুবুৰীয়া দেশখনে বিনিময় কৰিব সংস্কৃতিৰ লগতে পৰম্পৰাগত খাদ্যসম্ভাৰৰ ৷ বৃহস্পতিবাৰে এই কথা আনুষ্ঠানিক ভাৱে সদৰি কৰে বিফাৰ সাধাৰণ সম্পাদক নৰবু ৱাংদীয়ে।

উল্লেখ্য বৃহস্পতিবাৰে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱণখাটাত বিফাৰ সাধাৰণ সম্পাদক নৰবু ৱাংদীৰ উপস্থিতিত সুৱণখাটা মেলা সমিতিৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাতে অহা ১৮ জানুৱাৰীৰ পৰা আঠদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক মাঘ মেলাৰ সৈতে সংগতি ৰাখি ১২সংখ্যক ইণ্ডো-ভূটান বন্ধুত্ব মেলা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাত উপস্থিত থাকি ভাৰত-ভূটান বন্ধুত্ব সংস্থাৰ সাধাৰণ সম্পাদক নৰবু ৱাংদীয়ে ক'ভিদ পৰিস্থিতিৰ বাবে বিগত তিনি বছৰ ইণ্ডো-ভূটান বন্ধুত্ব মেলা অনুষ্ঠিত কৰিব নোৱাৰাৰ কথা উল্লেখ কৰে।
 

Category