তামিলনাডুত হাহাকাৰ পৰিস্থিতি! এম’নিয়া গেছ বিয়পি পৰাৰ ফলত প্ৰায় ৩-৪ হাজাৰ লোক ছটফটাই ৰাস্তাৰ মাজ-মজিয়াত.... কেনেকৈ এই গেছ বিয়পি পৰে?

tamilnadu

তামিলনাডুৰ ইন্নোৰত হাহাকাৰ পৰিস্থিতি। এম’নিয়া গেছ নিৰ্গত হোৱাৰ ফলতে শতাধিক লোক আক্ৰান্ত। মঙলবাৰে নিশাৰ ভাগত বিয়পি পৰে এম’নিয়া গেছ। প্ৰায় ৩-৪ হাজাৰ লোক ঘৰৰ পৰা ওলাই আহে নিশাৰ ভাগত। 

জানিব পৰা মতে, উশাহ-নিশাহত কষ্ট পোৱাৰ ফলত ৰাস্তাৰ মাজ-মজিয়াত ছটফটাই থাকে লোকসকল। চকু শীতল পৰা তথা মুখমণ্ডলত জ্বলা-পোৰাৰ অনুভৱ। আতংকিত হৈ উঠে অঞ্চলটোৰ আৱাসীসকল। পানীৰ তলেৰে যোৱা পাইপলাইন ফাটি এই এম’নিয়া গেছ নিৰ্গত হোৱাৰ খবৰ আহি পৰিছে। ইন্নোৰৰ পেৰিয়াকুপ্পাম এলেকা অধিক ক্ষতিগ্ৰস্ত।

জানিব পৰা মতে, মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত ইন্নোৰৰ পেৰিয়াকুপ্পাম এলেকাৰ লোকসকলে মুখ জ্বলাপোৰা, উশাহ-নিশাহত কষ্ট পাবলৈ ধৰে।  প্ৰায় তিনিৰ পৰা চাৰি সহস্ৰাধিক লোক উশাহ-নিশাহত কষ্ট পাই ঘৰৰ বাহিৰলৈ ওলাই আহি ৰাজপথত সমৱেত হয়। এক আতংকৰ লহৰ বৈ যায় লোকসকলৰ মাজত। 

পিছত স্থানীয় প্ৰশাসনৰ লোক উপস্থিত হৈ সমীপৰ ঔদ্যোগিক কাৰখানাৰ পাইপ লাইন ফাটি এম’নিয়া গেছ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি লোকসকলক অৱগত কৰায়। ইতিমধ্যেই কেইবাজনৰো অৱস্থা অৱনতি ঘটাত ততালিকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। 

স্থানীয় মৎস্য ব্যৱসায়ীসকলে এই ঘটনাৰ পিছতে অঞ্চলটোৰ ঔদ্যোগিক গোটসমূহৰ পৰা হোৱা প্ৰদূষণৰ প্ৰতি সতৰ্ক হ’বলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়।
 

Category
Profile picture for user UB Photos