
এতিয়াও যেন অন্ধবিশ্বাসৰ বলি একাংশ লোক। পুনৰবাৰ এইখন ৰাজ্যতে সংঘটিত হৈছে ডাইনীকাণ্ড। এইবাৰ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত সংঘটিত এই কাণ্ড। ডাইনীৰ সন্দেহতে নিৰ্বাসন এহাল দম্পতীক।
ডাইনীৰ সন্দেহ কৰি চাৰিদুৱাৰৰ এহাল দম্পতীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিলে একাংশ লোকে। অন্ধবিশ্বাসৰ বলি হয় সৰ্বস্ৰান্ত এটি পৰিয়াল। ঘটনা পোহৰলৈ অহাৰ লগে লগে চাঞ্চল্য অঞ্চলটোত।
উল্লেখ্য যে, শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত সংঘটিত হৈছে অন্ধবিশ্বাসৰ এই ঘটনা। ডাইনীৰ সন্দেহত এটা পৰিয়ালৰ ওপৰত চলোৱা হয় দলবদ্ধ নিৰ্যাতন। অসম অৰুণাচল সীমান্তৰ চটাই নমাইল গাঁৱত ষাঠী উৰ্দ্ধৰ দম্পতী ফিলোৰাম বসুমতাৰী আৰু চৰাই বসুমতাৰীক ডাইনীৰ সন্দেহত গাঁৱৰ একাংশ ৰাইজে গাঁৱৰ পৰা নিৰ্বাসন দিয়ে। পৰিয়ালটোৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বাৰীৰ সকলো গছ কাটি তহিলং কৰে অন্ধবিশ্বাসৰ বশৰ্ৱতী হোৱা ৰাইজে।
উল্লেখনীয় যে,৫ বছৰ পূৰ্বে উক্ত গাঁওখনতমাটি ক্ৰয় কৰি বসবাস কৰিবলৈ লৈছিল পৰিয়ালটোৱে। দিনহাজিৰা কৰা ফিলোৰাম বসুমতাৰী আৰু তেওঁৰ পত্নীক সোমবাৰে পুৱা স্থানীয় বশিষ্ঠ বসুমতাৰী নামৰ এজন লোকে ডাইনী বুলি মানি ল’বলৈ হেঁচা দিয়ে।
তাৰ পিছতেই অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকৰ উচতনিত পৰিয়ালটোৰ ওপৰত আক্ৰমণ চলায় গাঁৱৰ ৰাইজে। পিছত চাৰিদুৱাৰ আৰক্ষী থানাত আশ্ৰয় লয় দুৰ্ভগীয়া পৰিয়ালটোৱে।
- Log in to post comments