ঐতিহ্যমণ্ডিত গোভা দেওৰজাৰ ‘জোনবিল মেলা’কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব?..........

junbeel mela

বিনিময় প্ৰথাৰে উজলিব জোনবিলৰ পাৰ। ১৮ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। মৰিগাওঁ জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত শতিকাধৰি অনুষ্ঠিত হৈ অহা এই মেলাৰ সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি সবিশেষ জনাইছে জোনবিল মেলা পৰিচালনা সমিতিৰ সভাপতি জোৰসিং বৰদলৈয়ে।

উল্লেখ্য যে, জোনবিল মেলালৈ এইবাৰো পূৰ্বৰ দৰেই নিজ নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেটমৰা ভাণ্ডাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মামা-মামীসকল আহিব। সমান্তৰালকৈ জোনবিলত কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ পৰ্ব চলিব। 

১৯ জানুৱাৰীত হ'বলগীয়া ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মধ্য অসমৰ ১৯ গৰাকীকৈ তিৱা ৰজাক ৰাজভাট্টা প্রদান কৰিব।

এইবেলি জোনবিল মেলাৰ বাবে ৰাজ্য চৰকাৰে ৩বিঘা মাটি প্রদান কৰাৰ লগতে মেলাস্থলীত দুটা অতিথিশালা, পৰ্যটকৰ জিৰণিৰ বাবে পথৰ কাষত ১২খন স্থায়ী দীঘল চকী, পোহৰৰ বাবে ১০টা চোলাৰ লাইট স্থাপন, সৌন্দৰ্য্য বর্ধনৰ বাবে বটলব্রাছ গছপুলি ৰোপণৰো ব্যৱস্থা কৰিছে।
 

Category
Profile picture for user UB Photos