DGP ক লৈ প্ৰত্যাহ্বান আলফা (স্বাঃ)ৰ! "নিৰাপত্তাৰ পৰা অসমীয়া বিষয়াক বাদ দি,সেনা-CRPFক ব্যৱহাৰ কৰক"...........

ULFA

আকৌ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক প্ৰত্যাহ্বান আলফা (স্বাঃ)ৰ। সংবাদ মাধ্যমলৈ প্ৰেছ বিবৃতি যোগে এইবাৰ দুটা চৰ্ত সাপেক্ষে জি পি সিঙক প্ৰত্যাহ্বান জনাই আলফা (স্বাঃ)য়ে। 

আলফা স্বাধীনে ডিজিপি জি পি সিঙক দিয়া চৰ্ত দুটা হৈছে, জি পি সিঙৰ গাড়ী চালক আৰু নিৰাপত্তাত নিয়োজিত অসম আৰক্ষীক আঁতৰাই চি আৰ পি এফ বা সেনা বাহিনীক ব্যৱহাৰ কৰিবলৈ প্ৰত্যাহ্বান। দ্বিতীয় চৰ্ত হিচাপে, গুৱাহাটীত এসপ্তাহ মুকলিকৈ ঘূৰি চাবলৈ প্ৰত্যাহ্বান জি পি সিঙক।

উল্লেখ্য যে, শুকুৰবাৰে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক আলফা স্বাধীনে দিয়া সকীয়নিৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কৰিছিল শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে। 

জি পি সিঙে কৈছিল, ‘‘মোৰ ঘৰ কাহিলিপাৰাত, অফিচ উলুবাৰীত৷ সাধাৰণ লোকক হাৰাশাস্তি কৰাতকৈ পোনপটীয়াকৈ মোৰ ওচৰলৈ আহক ৷ যি সংগঠনে অসমী আইক ভাল পাওঁ বুলি কয়, তেওঁলোকেই আকৌ অসমী আইকে আঘাত কৰে৷’’

শিৱসাগৰ আৰু যোৰহাটত সন্দেহযুক্ত আলফাই সংঘটিত কৰা কূটাঘাতমূলক কামকাজৰ সন্দৰ্ভত ডিজিপি গৰাকীয়ে কৈছিল, এই সকলোবোৰ এন আই এৰ লগত যুটীয়াভাৱে তদন্ত কৰা হ’ব ৷

তাৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক প্ৰত্যাহ্বান আলফা (স্বাঃ)ৰ। "গুৱাহাটীত এসপ্তাহ মুকলিকৈ টহল দিয়ক DGPএ, নিৰাপত্তাৰ পৰা অসমীয়া বিষয়াক বাদ দিয়ক DGPএ,সেনা-CRPFক ব্যৱহাৰ কৰক নিজৰ নিৰাপত্তাত" এই প্ৰত্যাহ্বান আলফা (স্বাঃ)ৰ।

Category
Profile picture for user UB Photos