প্ৰসংগঃ শিশু নিৰ্যাতনকাৰী! আৰক্ষীৰ সন্মুখতে নিৰ্যাতনৰ বলি হ'ল শিশু; কিন্তু কিয়?....ইতিমধ্য গ্ৰেপ্তাৰ নিৰ্যাতনকাৰী.........

harrasment

ঢেকীয়াজুলি চহৰৰ মাজমজিয়াত সংঘটিত শিশু নিৰ্যাতনকাৰী ঘটনা। আৰক্ষীৰ সন্মুখতে শিশুক নিৰ্যাতন কৰিলে দাদুল শৰ্মা নামৰ ব্যৱসায়ীজনে। ঢেকীয়াজুলি নগৰত দুটি শিশুক নিৰ্মম প্ৰহাৰ ব্যৱসায়ীজনৰ।

উল্লেখ্য যে, ম’বাইল চুৰিৰ অভিযোগত এই দানৱীয় কাণ্ডটি সংঘটিত কৰে ব্যৱসায়ীজনে। আৰক্ষীৰ সন্মুখতে ভয়ংকৰ কাণ্ডক লৈ ব্যাপক প্ৰতিক্ৰিয়া। ইতিমধ্যেই ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ঢেকীয়াজুলিবাসী। দাদুল শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ।

শুকুৰবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এক ভিডিঅ'। ক্ষুদ্ৰ ব্যৱসায়ী জনে চহৰৰ মাজমজিয়াত ট্ৰেফিক আৰক্ষীৰ সন্মুখতে শিশুক প্ৰহাৰ কৰাৰ লগতে গুপ্তাংগতো গুৰিয়াইছিল। 

এই সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে ঘটনাৰে জড়িতক গ্ৰেপ্তাৰ কৰাৰ লগতে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। সেই অনুসৰিয়েই ঢেকীয়াজুলি আৰক্ষীয়ে অভিযুক্ত ক্ষুদ্ৰ ব্যৱসায়ী দুলাল শৰ্মাক গ্ৰেপ্তাৰ কৰিছে।

Category
Profile picture for user UB Photos