বুধবাৰে সংসদ ভৱন আক্ৰমণত জড়িত ৬জনকৈ লোকক গ্ৰেপ্তাৰ...........

perliament

বুধবাৰে সংসদ ভৱন আক্ৰমণত জড়িত ৬জনকৈ লোকক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে। এই লোককেইজনৰ জেৰাত বহু তথ্য ইতিমধ্যে পোহৰলৈ আহিল। এই ঘটনাৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ ঘনীভূত হৈছে। 

তদন্তকাৰী আৰক্ষীয়ে এই সমগ্ৰ দিশ নজৰত ৰাখি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে। এই পৰ্যন্ত গ্ৰেপ্তাৰ হৈছে লোকসভাৰ কক্ষৰ ভিতৰত প্ৰৱেশ কৰি আক্ৰমণ সংঘটিত কৰা সাগৰ শৰ্মা আৰু মনোৰঞ্জন দেৱা ৰাজেগোডা নামৰ যুৱকদ্বয়ক। 

লগতে গ্ৰেপ্তাৰ হৈছে সংসদ ভৱনৰ বাহিৰত হালধীয়া ধোঁৱা স্প্ৰে কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা হাৰিয়ানাৰ নিলম সিং আৰু মহাৰাষ্ট্ৰৰ অমূল ধনৰাজ নামৰ যুৱক-যুৱতীদ্বয়।

গ্ৰেপ্তাৰ হৈছে বিশাল আৰু ললিত ঝা নামৰ আন দুজন সহযোগীও। আটাইৰে বিৰুদ্ধে IPCৰ ধাৰা ১২০(খ), ৪৫২, ১৫৩, ৩৫৩ আৰু UAPAৰ ধাৰা ১৬ আৰু ১৮ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। 

সোধা-পোছা কৰা হৈছে ঘটনাৰ পূৰ্বে আটাইকেইজনে নিশা যাপন কৰা দিল্লীৰ পৰিয়ালটোৰ মুৰব্বী বিকি নামৰ লোকজনৰ লগতে তেঁওৰ পত্নীকো। বুধবাৰৰ ঘটনাকলৈ ৰাজনৈতিক মহলো উত্তপ্ত হৈ পৰিছে।

আজি বিৰোধী গোট বন্ধনৰ এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনোৱা হৈছে বুধবাৰৰ ঘটনা সন্দৰ্ভত আলোচনাৰ বাবে। ইফালে আজি ঘটনাকলৈ সংসদ স্থগিতৰ প্ৰস্তাৱ ৰাখিব গৌৰৱ গগৈয়ে।  

Category