বঙাইগাঁৱত শোকাৱহ ৰে’ল দুৰ্ঘটনা! ৰে’লৰ খুন্দাত মাতৃ-কন্যাকে ধৰি ৩গৰাকী মহিলা নিহত...........

bangaigaon

বঙাইগাঁৱত সংঘটিত শোকাৱহ ৰে’ল দুৰ্ঘটনা। বুধবাৰে নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। ৰে’লৰ খুন্দাত মৃত্যু শিশুকে ধৰি ৩গৰাকীকৈ মহিলা। আৰু দুৰ্ঘটনাটোত মৃত্যু হোৱাৰ ভিতৰত মাতৃ–কন্যাও আছিল বুলি জানিব পৰা গৈছে।

বঙাইগাওঁ চাপৰকটাৰ মাজৰ নোৱাপাৰাত সংঘটিত হয় এই দুৰ্ঘটনাটো।নামনিমুৱা বাংগালুৰু এক্সপ্ৰেছখনৰ খুন্দাত তিনিওৰে মৃত্যু হয়। নিহত হ’ল কল্পনা বৰ্মন, প্ৰিয়া বৰ্মন। লগতে মুন্না নামৰ আন এগৰাকী মহিলাৰো মৃত্যু হোৱাৰ খবৰ আহি পৰিছে।

উল্লেখ্য যে, ৰে’লৰ আলি পাৰ হওতেই হয় দুৰ্ঘটনাটো। প্ৰিয়া কল্পনা বৰ্মনৰ ১২ বছৰীয়া কন্যা সন্তান লগতে আনগৰাকী মহিলা মুন্নাৰ মৃত্যু হয়। কীৰ্তনৰ পৰা উভতি আহি থাকোতে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

এই ঘটনাকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বঙাইগাঁৱত।

Category
Profile picture for user UB Photos