ক্ৰীড়াজগতত দেশৰ ভিতৰতে সৰ্বোচ্চ সম্মান হৈছে 'অৰ্জুন বঁটা'! অৰ্জুন বঁটাৰ বাবে মনোনীত ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামী.........

shami

ক্ৰীড়াজগতত দেশৰ ভিতৰতে সৰ্বোচ্চ সম্মান হৈছে 'অৰ্জুন বঁটা'। আৰু এই অৰ্জুন বঁটাৰ বাবে ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছামীৰ নাম মনোনীত কৰা হৈছে। ইতিমধ্যে হৈ যোৱা এদিনীয়া বিশ্বকাপত চমক প্ৰদৰ্শন দেখুৱাইছিল ছামীয়ে। ছামীৰ এই অসাধাৰণ প্ৰদৰ্শনৰ বাবে BCCIএ অৰ্জুন বঁটাৰ বাবে ক্ৰীড়া মন্ত্ৰালয়লৈ তেওঁৰ নাম প্ৰেৰণ কৰিছে।

জানিব পৰা মতে, প্ৰাৰম্ভিক তালিকাত ভাৰতীয় শক্তিশালী বলাৰগৰাকীৰ নাম নাছিল। কিন্তু সদ্য সমাপ্ত বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী হোৱাৰ পিছত তেওঁৰ নামটো BCCI এ বিশেষভাৱে পৰামৰ্শ দিছে বুলি পিটিআইয়ে প্ৰকাশ কৰিছে। 

উল্লেখ্য যে, মহম্মদ ছামীয়ে এদিনীয়া বিশ্বকাপ ২০২৩ৰ প্ৰথম চাৰিখন মেচত খেলাৰ সুযোগ পোৱা নাছিল যদিও তেওঁ মুঠ ২৪টা উইকেটৰে বিশ্বকাপৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়। ২০১৫ চনৰ বিশ্বকাপতো ছামীয়ে ১৭টা উইকেট দখল কৰিছিল। ইয়াৰ পিছত ২০১৯ চনৰ এদিনীয়া বিশ্বকাপত তেওঁ ১৪টা উইকেট দখল কৰিছিল। 

এতিয়া শেহতীয়াকৈ হোৱা বিশ্বকাপত ভাৰতে যদিও ফাইনেলত জয়ী হ’ব নোৱাৰিলে, কিন্তু ছামীৰ সুন্দৰ প্ৰদৰ্শনে ক্ৰিকেট প্ৰেমীৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ ক্ৰীড়া সন্মানৰ বাবে ছামীৰ নাম পোনপটীয়াকৈ মনোনীত কৰা হৈছে।

Category
Profile picture for user UB Photos