জীৱন যুদ্ধত হাৰ মানিলে কটনিয়ান নিশাই, নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু..........

Guwahati

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে। মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ MCB হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা জাঁপ দি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছাত্ৰীগৰাকী। ঘটনা সংঘটিত হোৱাৰ পাছতেই ছাত্রীগৰাকীক ভৰ্তি কৰোৱা হৈছিল নেমকেয়াৰ হাস্পাতালত।

প্ৰথমে ছাত্ৰীগৰাকীয়ে নিজকে শেষ কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ উঠিছিল যদিও পাছলৈ পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক হত্যাৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। আজি বিয়লি প্ৰায় ৪ বজাত মৃত্যুক সাবটি ল’য় ছাত্ৰীগৰাকীয়ে।

অতি মেধাসম্পন্ন আছিল ছাত্ৰীগৰাকী। সৰুৰে পৰা পঢ়াৰ প্ৰতি ধাউতি আছিল ছাত্ৰীগৰাকীৰ। মেট্ৰিকত ৯৩% শতাংশ নম্বৰ লাভ কৰিছিল। এবছৰৰ পূৰ্বে পিতৃক হেৰুৱাইছিল ছাত্ৰীগৰাকীয়ে।

ইফালে, এই ঘটনাক লৈ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ মন্তব্যত মুঠেই সন্তুষ্ট নহয় ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক। আজি বিয়লি মৃত্যুক সাবটি লোৱা ছাত্ৰীগৰাকীৰ মৃতদেহ আজি নেমকেয়াৰ হাস্পতালতে ৰখা হ’ব। কাইলৈ জি এম চি এইচত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব।

Category
Profile picture for user UB Photos