আৰক্ষীৰ গুলীচালনা! আৰক্ষীৰ গুলীত আহত আব্দুল ৰফিক নামৰ এটা মাতব্বৰ............

dhing

ধিঙত আৰক্ষীৰ গুলীচালনা! ধিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ মুছলিম চাপৰিত আৰক্ষীৰ গুলীত আহত আব্দুল ৰফিক নামৰ এটা মাতব্বৰ। দুটা মাতব্বৰৰ ফৈদৰ মাজত ভূমিকেন্দ্ৰীক সংঘাত হৈছিল।

তাৰ পাছতে শিঙৰী আৰক্ষীৰ এটা দল উপস্থিত হৈছিল আব্দুল ৰফিক নামৰ মাতব্বৰৰ বাসগৃহত। হাতত চোকা অস্ত্ৰ লৈ থকা আব্দুল ৰফিক নামৰ মাতব্বৰটোৱে আৰক্ষীক দেখাৰ লগে লগে পলায়ন চেষ্টা কৰে। 

উল্লেখ্য যে, আব্দুল ৰফিক নামৰ মাতব্বৰটোৱে পলায়ন কৰাত আৰক্ষীয়ে তেওঁ লৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীৰ গুলীত গুলীবৃদ্ধ হয় আব্দুল ৰফিক নামৰ মাতব্বৰটো। জানিব পৰা মতে, মুখমণ্ডলত গুলী লগাত বৰ্তমান গোপন স্থানত আশ্ৰয় লৈ আছে লোকজন। 

আনহাতে, ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুটাকৈ খালী কাৰ্টিজ। শিঙৰী আৰক্ষীয়ে গুলীবৃদ্ধ লোকজনক কিয় গ্ৰেপ্তাৰ নকৰিলে সেয়া ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত ঘটনা। 

Category
Profile picture for user UB Photos