আজি তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব আনুমুলা ৰেৱনাথ ৰেড্ডীয়ে........

telengana

আজি শপত ল’ব তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰীয়ে। আনুমুলা ৰেৱনাথ ৰেড্ডীয়ে নতুন মুখ্যমন্ত্ৰীৰূপে আজি শপত গ্ৰহণ কৰিব। হায়দৰাবাদৰ এল বি ষ্টেডিয়ামত আয়োজন বিশাল অনুষ্ঠানৰ। মুখ্যমন্ত্ৰীৰ লগতে শপত ল’ব ১২জন অন্য মন্ত্ৰীয়ে।

উক্ত অনুষ্ঠানত ৰেৱনাথ ৰেড্ডীৰ সৈতে শপত গ্ৰহণ কৰিব উত্তম কুমাৰ ৰেড্ডী, শ্ৰীধৰ বাবু, পোন্নম প্ৰভাকৰ, কমতিৰেদ্দি ভেংকট ৰেড্ডী, দামোদৰ ৰাজনাৰসিংহ, পংগুলেতি শ্ৰীনিবাস ৰেড্ডী, দনা আনসুয়া, তুম্মালা নাগেশ্বৰ ৰাও, কোণ্ডা সুৰেখা আৰু জুপল্লী কৃষ্ণ ৰাওৱে। তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া মল্লু ভট্টী বিক্ৰমাৰ্কাইৱো অন্য মন্ত্ৰীসকল আৰু নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিব।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছ সংসদীয় পাৰ্টিৰ অধ্যক্ষা ছোনিয়া গান্ধী, সাংসদ ৰাহুল গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও। ইয়াৰ লগতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল আৰু তেলেংগানাৰ কংগ্ৰেছ প্ৰভাৰী মণিকৰাও ঠাকাৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 

Category
Profile picture for user UB Photos