২০২৪-ক লৈ ভৱিষ্যদ্বাণী কৰিলে বাবা ভাংগাই! ভয়ংকৰ বিপদে অপেক্ষা কৰিছে ২০২৪-ক............

BABA VANGA

চকু মুদি কৰা প্ৰতিটো ভৱিষ্যদ্বাণী যেন বাস্তৱলৈ পৰিৱৰ্তিত হৈছে। বুলগেৰিয়াৰ বাবা ভাংগাৰ বহু ভৱিষ্যদ্বাণী ইতিমধ্যেই সঁচা হোৱা সকলোৱে দেখিছে। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছিল বিশ্ব বাণিজ্য কেন্দ্ৰত আক্ৰমণো। 

আনকি ২০২৩ চনতো বাবা বংগাই কিছুমান ভৱিষ্যদ্বাণী কৰিছিল যিবোৰ ইতিমধ্যে সত্য বুলি প্ৰমাণিত হৈছে।

উল্লেখ্য যে, ১৯৯৬ চনতে বাবা ভংগাৰ মৃত্যু হয়। কিন্তু মৃত্যুৰ পূৰ্বেই তেওঁ ৫০৭৯ চনলৈকে ভৱিষ্যদ্বাণী কৰি গৈছিল। এতিয়ালৈকে তেওঁৰ বহু ভৱিষ্যদ্বাণী সত্য বুলি প্ৰমাণিত হৈছে। 

২০২৪ চনৰ আৰম্ভণিৰ পূৰ্বে বাবা ভাংগাৰ কিছু ভৱিষ্যদ্বাণী ভাইৰেল হৈ পৰিছে। ইয়াৰ ভিতৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মৃত্যুও অন্তৰ্ভুক্ত। ২০২৪ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক হত্যা কৰা হ’ব বুলি তেওঁ ভৱিষ্যদ্বাণী কৰি গৈছে।

ইয়াৰ লগতে বাবা ভাংগাই কৈছিল যে বিশ্বত চাইবাৰ আক্ৰমণ হ’ব। আনকি ২০২৪ বছৰতো বিশ্বই এক অতি চিন্তনীয় অৰ্থনৈতিক সংকটৰ পৰিস্থিতিৰ সন্মুখীন হ’ব। ইয়াৰ সমান্তৰালকৈ বতৰৰ ভয়াৱহ পৰিৱৰ্তনো দেখা যাব। বাবা ভাংগাই ২০২৪ বৰ্ষৰ বাবে এই ভৱিষ্যদ্বাণী কৰিছে।

উল্লেখযোগ্য যে, বাবা ভাংগাই ২০২৩ চনত সৌৰ ধুমুহাৰ ভৱিষ্যদ্বাণী কৰিছিল। তেওঁ কৈছিল যে সূৰ্য্যৰ উপৰিভাগৰ পৰা অতি সোনকালে অগ্নিপিণ্ড ওলাই আহিব। শেহতীয়াকৈ নাছাই প্ৰকাশ কৰিছে যে সূৰ্য্যৰ পৰাও একেধৰণৰ অগ্নিপিণ্ড আহি আছে।  NASAৰ এই দাবীক কেন্দ্ৰ কৰি বহুতে কৈছে যে বাবা ভাংগাৰ দাবীৰ সত্যতা পাইছে। 

Category
Profile picture for user UB Photos