বিজেপিত খহনীয়া! ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্তৰ পদত্যাগ..........

prem

বিজেপিত খহনীয়া! ভাৰতীয় জনতা পাৰ্টিৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰেম দত্তৰ পদত্যাগ। শনিবাৰে পুৱা ভাগতে আকস্মিকভাৱে জিলা সমিতিৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে প্ৰেম দত্তই।

উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ এক লিখিত পত্ৰ যোগে তেখেতৰ ঘৰুৱা অসুবিধাৰ কাৰণে পদত্যাগ কৰা বুলি জনাইছে। মূলত লোকসভাৰ নিৰ্বাচনৰ আগমুহূৰ্ত্তত এনেদৰে দলৰ সভাপতি বিষয়বাব পদত্যাগ কৰা কাৰ্য্যই বিজেপি দলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷

ইফালে তাৎক্ষণিকভাৱে বিজেপি দলৰ ৰাজ্যিক সভাপতি গৰাকীয়ে জিলা সভাপতি প্ৰেম দত্তৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰি ততাতৈয়াকৈ কেইঘন্টামান মূহূৰ্ত্তৰ পিছতেই পূৰ্বৰ তদানীন্তন সভাপতি এগৰাকীকেই পুনৰ সভাপতি দায়িত্ব অৰ্পণৰ যো-যোজা চলাইছে বুলি জানিব পৰা গৈছে ৷

Category
Profile picture for user UB Photos