আজি বিশ্ব এইড্চ দিৱস! এইড্চক লৈ বৰ্তমান বিশ্বৰ স্থিতি কেনেকুৱা? সেই বিষয়ে জানো আহক...........

hiv

আজি বিশ্ব এইড্চ দিৱস! বিভিন্ন তথ্য অনুসৰি, বিশ্বৰ ৩৯ নিযুত লোকৰ দেহত HIV বীজাণুৰ উপস্থিতি ধৰা পৰিছে। ১৫ বছৰ ঊৰ্ধৰ ৩৭.৫ নিযুতৰ দেহত আছে HIV বীজাণু। ১৫ বছৰ ঊৰ্ধৰ ২০ নিযুত মহিলা আক্ৰান্ত HIVৰ দ্বাৰা। আনহাতে, ১৭.৪ নিযুত পুৰুষৰ দেহত HIVৰ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে, ১৫ বছৰ অনুৰ্ধৰ ডেৰ নিযুত শিশু আক্ৰান্ত HIVত। ২০২৩ত ১.৩ নিযুত লোক নতুনকৈ আক্ৰান্ত HIVৰ দ্বাৰা। ২০২৩ বৰ্ষতে ১.৩ লাখ শিশু আক্ৰান্ত হ’ল HIVত।

HIV সম্পৰ্কীয় অসুখত এই পৰ্যন্ত মৃত্যু ৬ লাখ ৩০ হাজাৰজনৰ। HIV সংক্ৰমণৰ ফলত বিশ্বজুৰি এতিয়ালৈকে মৃত্যু ৮৪ হাজাৰ শিশুৰ। ভাৰতত ২.৪৭ নিযুত লোকৰ দেহত আছে HIV বীজাণু (২০২২ চনৰ তথ্য)। ২০২২ চনত ভাৰতত ৬৬ হাজাৰ জন নতুনকৈ আক্ৰান্ত HIVৰ দ্বাৰা। ২০২২ বৰ্ষত ভাৰতত ৩৯ হাজাৰ জনৰ মৃত্যু HIV সংক্ৰমণৰ পৰিণতিত । ২০১০ চনৰ তুলনাত মৃত্যুৰ হাৰ ৭৭ শতাংশ হ্ৰাস। 

আনহাতে, অসমত ৩০,০৬৭জন HIV প’জিটিভ। অসমত ৩ বছৰত ৩ গুণ বৃদ্ধি HIV প’জিটিভৰ সংখ্যা। অসমত HIV সংক্ৰমণৰ ৪৩% ঘটনাৰ আঁৰত বেজীৰে ড্ৰাগছ গ্ৰহণ।

অসমত HIV সংক্ৰমণৰ তথ্যই পোহৰলৈ আনিছে ড্ৰাগ্ছৰ ভয়াৱহতা। ৰাজ্যখনত অসুৰক্ষিত যৌন সম্পৰ্কতকৈয়ো বেজীৰে শৰীৰত ড্ৰাগ্ছ সুমোওৱা কাৰ্যৰ বাবেহে অধিক লোক HIVৰ দ্বাৰা সংক্ৰমিত হৈছে। আৰু এই ক্ষেত্ৰত কিশোৰ–কিশোৰীৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে।
 

Category