ৰাজ্যৰ এজন প্ৰৱীণ সাংবাদিক অনিল বৰুৱাৰ মঙলবাৰে দেহাৱসান........

anil

ৰাজ্যৰ এজন প্ৰৱীণ সাংবাদিক অনিল বৰুৱাৰ মঙলবাৰে দেহাৱসান ঘটে। ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে। হৃদৰোগত আক্ৰান্ত হৈছিল প্ৰৱীণ সাংবাদিকগৰাকী। 

সোমবাৰে নিশা ভৰ্তি  কৰোৱা হৈছিল নেমকেয়াৰ হাস্পতালত। মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত জ্যেষ্ঠ সাংবাদিকজনৰ দেহাৱসান ঘটে। অসমৰ এখন পুৰণি বাতৰিকাকত ‘দৈনিক অসম’ৰ সম্পাদক হিচাপে খ্যাতি লাভ কৰা প্ৰয়াত বৰুৱাই বিভিন্ন কাকতত লিখিছিল নিয়মীয়া স্তম্ভ। 

১৯৩৯ চনৰ ২৬ ডিচেম্বৰত জন্মগ্ৰহণ কৰা বৰুৱাই যোৰহাটৰ শংকৰদেৱ ছেমিনাৰীৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল। ‘জনমভূমি’ কাকতৰ পৰা তেখেতে সাংবাদিক জীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেখেতে ‘দৈনিক অসম’ কাকতত যোগদান কৰে। 

২০০১ চনত ‘দৈনিক অসম’ৰ সম্পাদক হিচাপে তেওঁ অৱসৰ লয়। পিছত তেওঁ ‘দৈনিক বাতৰি’ কাকতৰ সম্পাদক হিচাপে যোগদান কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী জয়া বৰুৱা, তিনিগৰাকী জী-জোঁৱাই আৰু নাতি-নাতিনী এৰি থৈ যায়। তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন ব্যক্তি, সংগঠনে।

Category
Profile picture for user UB Photos