গোৱালপাৰাত চাঞ্চল্যকৰ অপকৰ্ম! ধানৰ ওপৰৰে ম'হৰ গাড়ী লৈ যোৱাৰ বাবেই হত্যা.........

rice

আঘোণ মাহত সকলো ব্যস্ত ঘৰলৈ লক্ষ্মী চপোৱাত। তাৰ মাজতে গোৱালপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপকৰ্ম। ৪জন লোকে মিলি হত্যা কৰিলে এজনক। ইটাৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে হায়দৰ আলী নামৰ লোকজনক।

জানিব পৰা মতে, ধানৰ ওপৰেৰে ম’হৰ গাড়ী লৈ যোৱাৰ বাবেই এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হয়। তাজমহল হুছেইন, আজমল হকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তোলাৰ লগতে হত্যাৰ অভিযোগ তাজিনুৰ হক, কবুৰ আলীৰ বিৰুদ্ধেও। গোৱালপাৰাৰ ধূপধৰাত এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।


ইতিমধ্যেই তাজমহল হুছেইন, আজমল হকক গ্ৰেপ্তাৰ কৰিছে ধূপধৰা আৰক্ষীয়ে।

উল্লেখ্য যে, সোমবাৰে দিনৰ ভাগত হায়দৰ আলীৰ মেলি দিয়া ধানৰ ওপৰেৰে ম'হৰ গাড়ী অনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। ফলত হাইদৰ আলীক 'কোৰেৰে' আক্ৰমণ কৰে ৷ তাৰ পিছতে কালিয়েই ধূপধৰা থানাত এজাহাৰ দাখিল কৰে হাইদৰ আলীয়ে ৷ 

আজি পুনৰ ৰাতিপুৱাৰ ভাগত ঘটনাৰ সম্পৰ্কত এজাহাৰ দিয়াকলৈ দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় আৰু আজমল হক, তাজমহল হক,তাজিনুৰ হক আৰু কবুৰ আলীয়ে হায়দৰ আলীক ইটাৰে মৰিয়াই হত্যা কৰে। সম্প্ৰতি মৃত হায়দৰ আলীক মৰনোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Category
Profile picture for user UB Photos