"ডিফু-কোকৰাঝাৰ সমষ্টিত কংগ্ৰেছ জিকিলে ৰাজনীতি এৰিম"- এই মন্তব্য পীযূষ হাজৰিকাৰ.........

pijush

সোণাৰিত বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। বিশাল জনসভাৰ মাজত ভূপেন বৰাক প্ৰত্যাহ্বান পীযূষ হাজৰিকাৰ।

‘ডিফু-কোকৰাঝাৰ কদাপি নিজিকে কংগ্ৰেছে’; ‘যদিহে এই ২ সমষ্টিত কংগ্ৰেছ জিকে ৰাজনীতি এৰিম’এই ঘোষণা মন্ত্ৰী পীযূষ হাজৰিকাৰ।

আনহাতে, ‘বদৰুদ্দিন আজমল-গৌৰৱ গগৈ চাচা-ভতিজা’সোণাৰিত মন্তব্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। লোকসভা নিৰ্বাচনত মাত্ৰ এখন আসন জিকিব কংগ্ৰেছে, কংগ্ৰেছ-AIUDFক তীব্ৰ সমালোচনা মন্ত্ৰী হাজৰিকাৰ।

উল্লেখযোগ্য যে, চৰাইদেউ সোণাৰিত দলীয় কৰ্মীক সম্বোধন কৰি কংগ্ৰেছ আৰু AIUDF নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈ উঠে মন্ত্ৰী পিযুষ হাজৰিকা। সোণাৰি সমষ্টিত দুটাকৈ মণ্ডল কাৰ্যলয়ৰ লগতে ডঃ বি আৰ আম্বেদকাৰ ভৱন উদ্ধোধন কৰি বানফেৰাত এখন কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। 
 

Category
Profile picture for user UB Photos