সপোনৰ সমাধি! ২০০৩ৰ প্ৰতিশোধ ল'ব নোৱাৰিলে ভাৰতে, ভাৰতক হৰুৱাই অষ্ট্ৰেলিয়াৰ বিশ্ব চেম্পিয়ন............

Australian

২০০৩ৰ প্ৰতিশোধ লোৱা নহ'ল ভাৰত। পুনৰবাৰ বিশ্বকাপৰ ট্ৰফী অৰ্জন কৰিলে অষ্ট্ৰেলিয়াই। একেৰাহে ১০ খন মেচত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ সপোনৰ সমাধি ঘটিল মেগা ফাইনেলত। আধৰুৱা হৈ ৰ'ল ৰোহিত শৰ্মাৰ বিশ্বকাপ বিজয়ৰ সপোন।

উল্লেখ্য যে, ১২ বছৰৰ পিছত বিশ্বকাপ জয়ৰ সুযোগ লাভ কৰিও অন্তিম মুহূৰ্তত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হ'ল টীম ইণ্ডিয়া। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বলিং-বেটিং সকলোতে ব্যৰ্থ হ'ল ভাৰত। ভাৰতৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই ৬ উইকেটত জয়লাভ কৰে। টছত জয়লাভ কৰি অষ্ট্ৰেলিয়াই প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।

আহমেদাবাদৰ খেলপথাৰত সময়মতে উইকেট দখল কৰিব নোৱাৰিলে ভাৰতীয় স্পিনাৰে। যাৰ বাবেই অষ্ট্ৰেলিয়াৰ দলটোৱে সহজেই ২৪১ ৰানৰ লক্ষ্যত উপনীত হ’ল আৰু বিশ্বকাপত এক নতুন ইতিহাস ৰচনা কৰিলে। ভাৰতৰ বিজয়যাত্ৰাক স্তব্ধ কৰি ষষ্ঠ বাৰৰ বাবে বিশ্বকাপৰ ট্ৰফী দখল কৰিলে কেংগেৰুবাহিনীয়ে। যেন পুনৰাবৃত্তি হ’ল ২০০৩ চনৰ ইতিহাসৰ। ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলতো কেংগেৰুবাহিনীয়ে একে ধৰণে ভাৰতক পৰাস্ত কৰিছিল।

Category
Profile picture for user UB Photos