কাইলৈ বাবে সকলো আগ্ৰহী! মাজত মাত্ৰ কেইটামান ক্ষণ বাকী তাৰ পিছতে বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ..........

ICC FINAL

কাইলৈ বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ। খিতাপৰ যুঁজত নামিব ভাৰত-অষ্ট্ৰেলিয়া। সম্পূৰ্ণ ২০ বছৰৰ পিছত বিশ্বকাপৰ ফাইনেলত একেলগে দেখা যাব ভাৰত-অষ্ট্ৰেলিয়াক। তাৰ বাবে আগ্ৰহী সকলো। তাৰ মাজতে বহুতে খেলখনত কোন জয়ী হ'ব তাক লৈও ভৱিষ্যতবাণী কৰিছে।

ইতিমধ্যই, সাজু হৈ পৰিছে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। VIP, VVIPৰ সমাগম ঘটিব নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত। 

বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ উপভোগ কৰিবলৈ উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধান মন্ত্ৰীও উপস্থিত থকাৰ সম্ভাৱনা আছে। 

উল্লেখ্য যে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ১ লাখ ৩০ হাজাৰ ক্ৰিকট অনুৰাগীয়ে উপভোগ কৰিব খেল। ইতিমধ্যেই আহমেদাবাদত ভিৰ বাঢ়িছে ক্ৰিকেট প্ৰেমীৰ লগতে বলীউডৰ তাৰকাৰ। 

আনহাতে, গ্ৰেণ্ড ফিনালেত প’পষ্টাৰ ডুৱা লিপাই সংগীত পৰিৱেশন কৰাৰ সম্ভাৱনাআছে। খেলৰ পূৰ্বে বায়ুসেনাই প্ৰদৰ্শন কৰিব এয়াৰ শ্ব’। বাৰেৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰো চলিছে জোৰদাৰ আখৰা। এতিয়া মাথোঁ অপেক্ষা কিছু ক্ষণৰ।

Category
Profile picture for user UB Photos