জম্মু-কাশ্মীৰত ভয়ংকৰ পথ দুৰ্ঘটনা! ৩৬ জনকৈ লোক নিহত, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা.......

Accident

জম্মু কাশ্মীৰৰ ড’ডা জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা

পাহাৰৰ পৰা খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ

ঘটনাস্থলীত নিহত ৩৬ জনকৈ যাত্ৰী

মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা

কিষ্টৱাৰৰ পৰা জম্মু অভিমুখী আছিল বাছখন

বাছখনত থকা যথেষ্ট সংখ্যক যাত্ৰী আহতৰ সন্দেহ

পাহাৰৰ পৰা ৩০০ ফুট তললৈ সৰি পৰিছিল বাছখন

বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত

আহতসকলক ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত

jammu

উল্লেখ্য যে, জম্মু কাশ্মীৰৰ ড’ডা জিলাত ভয়ংকৰ বাছ দুৰ্ঘটনা। ড’ডা চেনাব নদীত পৰিল এখন যাত্ৰীবাহী বাছ। জানিব পৰা মতে, এই দুৰ্ঘটনাত ৩৬জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত কমেও ১৯জন লোক। আহত যাত্ৰী কেইবাজনৰ অৱস্থা ও অতি সংকটজনক। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। লগতে উদ্ধাৰ অভিযান অব্যাহত আছে।

Category
Profile picture for user UB Photos