ছেবাত আকৌ বিসংগতি! চৰকাৰী বন্ধত মেট্ৰিক পৰীক্ষাৰ দিন, পুনৰ নতুন সময় সূচী ঘোষণা........

SEBA

আকৌ এইবাৰ বিসংগতি! বিসংগতিয়ে যেন লগ নেৰা হৈছে ছেবাৰ। প্ৰশ্ন কাকত ফাদিল, পৰীক্ষাৰ উত্তৰ বহী গৰুৱে খোৱাকে ধৰি বহু ইতিহাসেৰে পৰিপূৰ্ণ ছেবাৰ ইতিহাস। শেহতীয়াকৈ ছেবাই প্ৰকাশ কৰা মেট্ৰিক পৰীক্ষাৰ সূচীক লৈ আকৌ এইবাৰ সৃষ্টি হৈছে বিতৰ্ক।

এইবাৰ ছেবাই বন্ধৰ দিনটো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সূচী। উল্লেখ্য যে, বিগত অক্টোবৰ মাহতে ছেবাই জাৰি কৰিছিল ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ সময়সূচী। এই সময়সূচী তৈয়াৰ কৰাৰ ক্ষেত্ৰত চৰম দায়িত্বহীনতাৰ পৰিচয় দিলে ছেবাই। কিয়নো পৰীক্ষাৰ বাবে নিৰ্ধাৰিত ২ টা দিনত আছে চৰকাৰী বন্ধ। 

seba

সূচী অনুসৰী ২০ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা হৈছিল সমাজ বিজ্ঞানৰ পৰীক্ষা। চৰকাৰী বন্ধ তালিকা অনুসৰি এই দিনটোত আছে কাৰ্বি জনগোষ্ঠীৰ উৎসৱ কাৰ্বি ডেহাল কাছিৰ ডম। এই দিনটো অসম চৰকাৰে ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ঘোষণা কৰিছে।

ঠিক সেইদৰে ২৬ ফেব্ৰুৱাৰীত আছে সাধাৰণ বিজ্ঞানৰ পৰীক্ষা। এই দিনটোও অসম চৰকাৰৰ ৰেষ্ট্ৰিক্টেড হলিডে। এই বিষয়ে শিক্ষক-শিক্ষাৰ্থী সকলে ছেবাক অৱগত কৰাৰ পাছতহে পুনৰ সূচী সলনি কৰিবলৈ বাধ্য হৈছে ছেবাই।

নতুন সূচী অনুসৰি ২০ ফেব্ৰুৱাৰীৰ সমাজ বিজ্ঞান পৰীক্ষা ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব। আনহাতে ২৬ ফেব্ৰুৱাৰীৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব। ২৭ ফেব্ৰুৱাৰীৰ ৯ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ঐচ্ছিক বিষয়ৰ পৰীক্ষাসমূহ একেটা দিনতে ১-৩০ বজাৰ পৰা ৪-৩০ বজালৈ অনুষ্ঠিত হ'ব। ঐচ্ছিক বিষয় দুটা হ’ল উইভিং এণ্ড টেক্সাইল ডিজাইন আৰু বড়ো ভাষা।
 

Category
Profile picture for user UB Photos