ন্যায়! ৫ বছৰীয়া শিশু বলাৎকাৰীক মৃত্যুদণ্ড.........

কেৰেলা

শিশু বলাৎকাৰীক মৃত্যুদণ্ড বিহিলে এৰনাকুলামৰ POCSO আদালতে। ধৃত বলাৎকাৰী জনৰ বিৰুদ্ধে ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ। ৪ মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ।  ধৃত বলাৎকাৰী মহম্মদ আছফাক আলমক মৃত্যুদণ্ড দোষী সাব্যস্ত। এই মৃত্যুদণ্ড ৰায় প্ৰদান কৰিলে এৰনাকুলামৰ POCSO আদালতে।

উল্লেখ্য যে, ৪ নৱেম্বৰত আদালতত দোষী সাব্যস্ত হৈছিল আলম। মুঠ ১৬টা অভিযোগৰ আটাইকেইটাতে দোষী সাব্যস্ত হৈছে আলম। ১৬টাৰ ৪টাৰে সৰ্বোচ্চ শাস্তি মৃত্যুদণ্ড।

উল্লেখনীয় যে যোৱা ২৮ জুলাইত কেৰালাৰ আলুভাত শ্ৰমিক হিচাপে কৰ্মৰত বিহাৰৰ মহম্মদ আছফাক আলমে চুবুৰীয়াৰ এটি ৫ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি হত্যা কৰে। শিশুটিক নিচাজাতীয় দ্ৰব্য খুওৱাই অচেতন কৰি জঘন্য কাৰ্য সংঘটিত কৰে আলমে। নিৰ্যাতন সহিব নোবাৰি মৃত্যুমুখত পৰে দুৰ্ভগীয়া শিশুটি। 

এই ঘটনাৰ পূৰ্বেও অন্য এটা POSCO গোচৰটো অভিযুক্ত হৈ আছে আলম। পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আলমৰ বিৰুদ্ধে পানী নসৰকা অভিযোগ নামা দাখিল কৰি আদালতত আলমৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণ কৰিবলৈ সক্ষম হয় আৰক্ষী তথা চৰকাৰী পক্ষ। ৪ নৱেম্বৰত  POSCO ন্যায়াধীশ কে ছোমানৰ আদালতে আলমক দোষী সাব্যস্ত কৰি মঙলবাৰে মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

Category
Profile picture for user UB Photos