উত্তৰাখণ্ডত নিৰ্মীয়মাণ সুৰগৰ দেৱাল খহি পৰি আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ অভিযান অব্যাহত........

uk

উত্তৰাখণ্ডত নিৰ্মীয়মাণ সুৰগৰ দেৱাল খহি পৰি আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে। এতিয়াও ধ্বংসস্তুপৰ মাজত আবদ্ধ হৈ আছে ৪০ জন শ্ৰমিক। আবদ্ধ শ্ৰমিকসকল সুৰক্ষিত অৱস্থাত আছে বুলি ইতিমধ্যে নিশ্চিত কৰিছে NDRFৰ শীৰ্ষ বিষয়াই। 

তেওঁলোকক পাইপৰ যোগেদি খাদ্য, পানী আৰু অক্সিজেন যোগান ধৰা হৈছে বুলি জনালে বিষয়াগৰাকীয়ে। কালি সমগ্ৰ নিশা শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখে উদ্ধাৰকাৰী দলে। 

উল্লেখনীয় যে উত্তৰাখণ্ডৰ ব্ৰহ্মকমল-যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ ছিলকিয়াৰাৰ পৰা দণ্ডালগাঁৱলৈ নিৰ্মাণ হৈ থকা সুৰংগটোৰ ৫০ মিটাৰ অংশ আকস্মিকভাৱে খহি পৰে। নৈসেনা কোম্পেনীৰ অধীনত এই সুৰংগটো নিৰ্মাণ কাৰ্য চলি আছে। উদ্ধাৰ কাৰ্য সম্পূৰ্ণ কৰিবলৈ অতি কমেও ২-৩ দিনৰ প্ৰয়োজন হ’ব বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। 

NDRF, SDRF, অগ্নিনিৰ্বাপকৰ ২ শতাধিক কৰ্মী নিয়োজিত হৈছে উদ্ধাৰ কাৰ্যত। সুৰঙ্গৰ মুখৰ পৰা ২০০ মিটাৰ ভিতৰত এই ঘটনা।

Category
Profile picture for user UB Photos