দীপাৱলী লৈ মাজত মাত্ৰ দুটা দিন বাকী! এই দিনা কোন দিশত চাকি জ্বলালে অভাৱ–অনাটনে আগুৰি ধৰে? জানো আহক.......

diwali

লোক বিশ্বাস অনুসৰি, প্ৰতি বছৰে কাতি মাহৰ অমাৱস্যা তিথিত দীপাৱলী উৎসৱ পালন কৰা হয়। দীপাৱলী হ’ল পোহৰৰ উৎসৱ। দুৰ্গা পূজাৰ বিজয়া দশমীৰ ২০ দিন পিছত পালন কৰা হয় দীপাৱলী উৎসৱৰ। দীপাৱলীত দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা কৰা হয়। 

দীপাৱলী দিনা সকলোৱে চাকি জ্বলাই চৌপাশ পোহৰ কৰি ৰাখে। এই পোহৰৰ উৎসৱে যাতে সকলোৰে জীৱনলৈ ধন-সম্পত্তি, সুখ-শান্তি কঢ়িয়াই আনে তাৰ বাবে দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা কৰা হয়। লগতে এই দিনটোত মাটিৰ চাকি জ্বলোৱাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়।

কিন্তু বন্তি জ্বলোৱাৰ সৈতে সম্পৰ্কিত বহু নিয়ম আছে, সেই বিষয়ে জানো আহক -

বন্তি জ্বলোৱা উত্তৰ–পূব দিশৰ পৰা আৰম্ভ কৰাটো শুভ। উত্তৰ–পূব দিশে মুখ কৰি বন্তি জ্বলাই ৰাখিব পাৰে। দীপাৱলীৰ দিনা ঘৰৰ মন্দিৰত দেৱী লক্ষ্মীৰ সন্মুখত প্ৰথমে এগচি বন্তি জ্বলোৱাটো শুভ বুলি কোৱা হয়। 

তুলসী গছৰ তলত বন্তি জ্বলোৱাটো শুভ। ইয়াৰ ফলত ঘৰৰ সুখ–সমৃদ্ধি আৰু দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়।

পাকঘৰৰ ভিতৰতো এগচি বন্তি জ্বলাই ৰাখিব লাগে। ইয়াৰ ফলত মা অন্নপূৰ্ণাৰ আশীৰ্বাদ পোৱা যায়। দক্ষিণ–পূব কোণত এগচি বন্তি ৰাখিব পাৰে।

দীপাৱলীত ঘৰৰ মমবাতি আৰু বৈদ্যুতিক বাতি জ্বলায় বহুতে। কিন্তু মিঠা তেল বা ঘিউৰ বন্তি জ্বলোৱাটো শুভ। 

মহালক্ষ্মী–কুবেৰক সন্তুষ্ট কৰাৰ বাবে ঘৰত টকা থোৱা স্থানত বন্তি জ্বলাব পাৰে। ইয়াৰ পলত ঘৰত সুখ আৰু সমৃদ্ধি বৰ্তি থাকে।
 

Category
Profile picture for user UB Photos