অহা ১০ নৱেম্বৰত পালন কৰা হ’ব ধনতেৰছৰ! এই দিনটোত কি কি বস্তু ক্ৰয় কৰিলে শুভ হয়? জানো আহক......

Dhanteras

সমগ্ৰ ভাৰতত দীপাৱলীৰ প্ৰথম দিনা ধনতেৰছ উৎসৱ পালন কৰা হয়। এই দিনটোত সকলোৱে নতুন সামগ্ৰী ঘৰলৈ আনে। গতিকে এই দিনা এনে কি সামগ্ৰী আছে, যিবোৰ ক্ৰয় কৰিলে শুভ বুলি ধাৰণা কৰা হয়। ধনতেৰছত সোণ, ৰূপ আৰু ধাতব পাত্ৰ আদি ক্ৰয় কৰা হয়, বিশ্বাস কৰা হয় যে ইয়াৰ ফলত সমৃদ্ধি আৰু সৌভাগ্য আহে। এই বছৰ, ধনতেৰছ ১০ নৱেম্বৰত পালন কৰা হ’ব।

ধনতেৰছত কি কি ক্ৰয় কৰিলে ঘৰৰ সম্পদ অক্ষুণ্ণ থাকিব? জানো আহক -

১. সোণ–ৰূপ : সোণ, ৰূপ আৰু প্লেটিনামৰ গহণা বহু ভাৰতীয় পৰিয়ালত অক্ষয় তৃতীয়া আৰু ধনতেৰছৰ দৰে অনুষ্ঠানৰ দিনা দেৱী লক্ষ্মীৰ ফটোসহ সোণ আৰু ৰূপৰ মুদ্ৰা কিনা হয়।


২. বিনিয়োগ : নিজৰ আৰু নিজৰ আত্মীয়ৰ মংগল তথা ভৱিষ্যৎ নিৰাপত্তাৰ বাবে বিনিয়োগ কৰাৰ বাবে ধনতেৰছ এক আদৰ্শ উপলক্ষ্য। ধনতেৰছত কোনো স্বাস্থ্য বীমাত বিনিয়োগ কৰিব পাৰে। টাৰ্ম লাইফ ইঞ্চুৰেন্স কিনিব পাৰে।


৩. ঘৰৰ সামগ্ৰী : হোম এপ্লায়েন্স আৰু ইলেকট্ৰনিক সামগ্ৰী কিনিব পাৰে। ৱাশ্বিং মেচিন বা ৰেফ্ৰিজাৰেটৰৰ দৰে সামগ্ৰী আনিব পাৰে ঘৰলৈ।


৪. মিউচুৱেল ফাণ্ড  : মিউচুৱেল ফাণ্ড বিনিয়োগৰ এক বিকল্প হিচাপে বহুতে বাছনি কৰে। সেয়ে ধনতেৰছত কি কিনিব তাক লৈ ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, এই দিনটোৰ পৰা বিনিয়োগৰ যাত্ৰা আৰম্ভ কৰিব পাৰে।


৫. বাচন–বৰ্তন বা পাকঘৰৰ সামগ্ৰী : ধনতেৰছত সোণ, ৰূপ বা পিতলৰ পাত্ৰ কিনাৰ পৰম্পৰা আছে। সেয়ে এই দিনটোত পাত্ৰ ক্ৰয় কৰিব পাৰে।


৬. ঘৰ ক্ৰয় : এই গুৰুত্বপূৰ্ণ দিনটোত বিনিয়োগ কৰাৰ কথা আহিলে ভূমিও বাদ নপৰে। এই দিনটোত নিৰ্মাতাসকলে ৰিয়েল এষ্টেটৰ ক্ষেত্ৰত সুন্দৰ ডিল অফাৰ কৰে।


৭.  যান–বাহন ক্ৰয় : যদিও ধনতেৰচত প্ৰায়ে সোণ বা ধাতব পাত্ৰ আদি কিনা হয়, কিন্তু এই দিনটো নতুন বাহন কিনাৰ বাবেও আদৰ্শ দিন।
 

Category
Profile picture for user UB Photos