সমাগত কালি পূজা! কালি পূজা দিনা কিছুমান কাম কৰিব নালাগে, সেই সমূহ কাম কৰিলে ঘৰখনত অভাৱ-অনাটনে, গতিকে কি কি কৰিব নালাগে? জানো আহক......

diwali

দুৰ্গা পূজা, লক্ষ্মী পূজাৰ পিছত এতিয়া সকলোৱে কালী পূজা আৰু দীপাৱলীৰ বাবে অপেক্ষা কৰি আছে। কালী পূজাৰ অৰ্থ পোহৰৰ উৎসৱ। এইবাৰ ১২ নৱেম্বৰৰ দিনা কালি পূজা উদযাপন কৰা হ’ব। দেওবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হ’ব দীপাৱলী।

lakshmi

উল্লেখ্য যে, কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলী উৎসৱ পালন কৰা হয়। লোক বিশ্বাস মতে, দীপাৱলীৰ দিনটো অতি শুভ। এই দিনটোত লক্ষ্মী দেৱী আৰু গণেশ ভগৱানকো পূজা কৰা হয়।আনহাতে দীপাৱলী সঠিকভাৱে পালন কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় আৰু আশীৰ্বাদ লাভ কৰে। লগতে ঘৰখন সুখ-সমৃদ্ধিৰে ভৰি পৰিব, ধন-সম্পত্তিৰ অভাৱ নহ'ব কেতিয়াও।

দীপাৱলী পূজাৰ সময়ত কি কৰিব আৰু কি নকৰিব সেই বিষয়ে জানো আহক......

জ্যোতিষ শাস্ত্ৰৰ মতে, দীপাৱলীৰ দিনা পূজাৰ বিশেষ তাৎপৰ্য আছে। এনে পৰিস্থিতিত পূজাস্থলী আৰু ঘৰখন পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজনীয়। চাফ-চিকুণতা থকা ঘৰতহে দেৱী লক্ষ্মী প্ৰৱেশ কৰে বুলি বিশ্বাস কৰা হয়।

পূজাৰ স্থানত দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ মূৰ্তি পূব দিশলৈ মুখ কৰি ৰাখি উপাসকজনে উত্তৰ দিশলৈ পিঠি দি বহিব লাগে। পূজাত ৰূপৰ মুদ্ৰা, পদুম ফুল ৰাখক। ই ঘৰলৈ সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনে। 

দীপাৱলীৰ দিনা খাদ্যৰ ক্ষেত্ৰতো বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। দেৱালীৰ দিনা ভুলতো মাংস, মাছ, সুৰা আদি খাব নালাগে।

diwali

দীপাৱলীত কোনো পুৰণি আৱৰ্জনা ঘৰত নাৰাখিব। অতি অশুভ। দীপাৱলীত ঘৰৰ পৰা বছৰ বছৰ ধৰি ব্যৱহাৰ নকৰা ভঙা ঘড়ী, ভঙা বটল, আইনা, পুৰণি কাপোৰ, অন্যান্য আৱৰ্জনা আঁতৰাই পেলাওক। 

দীপাৱলীৰ নিশা পূজাৰ সময়ত ভুলতে পুৰণি কাপোৰ পিন্ধিব নালাগে। আচলতে পুৰণি কাপোৰক দৰিদ্ৰতাৰ চিন বুলি গণ্য কৰা হয়। পুৰণি বা ফটা কাপোৰ পিন্ধাটো অশুভ। লগতে পূজাৰ সময়ত ৰংবোৰ মনত ৰাখিব, দীপাৱলীৰ নিশা ক'লা ৰং পিন্ধিব নালাগে।

দীপাৱলীত ঘৰতে থাকিবলৈ চেষ্টা কৰক। পূজাৰ সময়ত সকলো ঘৰ লাইট আৰু বন্তিৰে আলোকিত কৰি ৰাখক। কোনো চুক আন্ধাৰ থাকিব নালাগে। ঘৰৰ সকলো খিৰিকী-দুৱাৰ খোলা ৰাখিব যাতে দেৱী লক্ষ্মী প্ৰৱেশ কৰিব পাৰে।

দীপাৱলীৰ দিনা পলমকৈ শুব নালাগে, ই অশুভ। এই দিনটোত নখ-দাড়ি-চুলি কটাও পৰিহাৰ কৰিব লাগে। 

দীপাৱলীত পূজা কৰি থাকোঁতে জোৰেৰে হাত চাপৰি বজাব নালাগে বা উচ্চস্বৰে আৰতি গাই নাথাকিব। বিশ্বাস কৰা হয় যে দেৱী লক্ষ্মীয়ে বেছি কোলাহল ভাল নাপায়। খং উঠিব পাৰে। ভগৱান বিষ্ণুৰ অবিহনে লক্ষ্মী দেৱীৰ পূজা অসম্পূৰ্ণ বুলি গণ্য কৰা হয়। এনে অৱস্থাত তেওঁক অকলে পূজা নকৰিব।

Category
Profile picture for user UB Photos