আজি লক্ষ্মী পূজা লগতে চন্দ্ৰ গ্ৰহণ; কেনেকৈ কৰিব লক্ষ্মী দেৱীৰ পূজা-অৰ্চনা, সেই বিষয়ে জানো আহক............

lakhi

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা। মা লক্ষ্মীক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক আয়োজন। পূজাক লৈ লক্ষ্মী মন্দিৰসমূহতো ব্যাপক প্ৰস্তুতি। ঠায়ে ঠায়ে কেইবাদিনো ধৰি লক্ষ্মীপূজাৰ আয়োজন। মূল্যবৃদ্ধিকো নেওচি বজাৰত লাগিছে গ্ৰাহকৰ ভিৰ। পিছে এইবাৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই হ’ল চন্দ্ৰ গ্ৰহণ। কেনেকৈ কৰিব লক্ষ্মী দেৱীৰ পূজা? কেইটা বজাৰ পৰা লাগিব চন্দ্ৰ গ্ৰহণ? কি কি ৰাশিৰ বাবে ভাল হ’ব এইবাৰৰ পূজা। আঁহক জানো জ্যোতিষী মিন্টু শৰ্মাৰ পৰা এইকেইটা পৰামৰ্শ।

lunar

শুকুৰবাবে নিশা ৩.৩৩ বজাৰ পৰা আৰু শণিবাৰে নিশা অৰ্থাৎ লক্ষ্মী পূজাৰ দিনা ১.৪৭ বজালৈ থাকিব পূৰ্ণিমা। চন্দ্ৰ গ্ৰহণৰ সময় নিশা ১.০৫ বজাৰ পৰা আৰম্ভ হৈ ২.২৪ বজালৈ থাকিব পূৰ্ণ চন্দ্ৰ গ্ৰহণ। গতিকে এই গ্ৰহণৰ সময়ছোৱাত কোনো ধৰণৰ পূজা-অৰ্চনা, পূজাৰ প্ৰসাদ বা জল গ্ৰহণ নকৰিব। এই চন্দ্ৰ গ্ৰহণৰ সময়ৰ আগমূহুৰ্ততে পূজাৰ সকলো কৰনীয় কৰা দৰকাৰ।

উল্লেখ্য যে, এইবাৰৰ চন্দ্ৰ গ্ৰহণ কেইটামান ৰাশিৰ বাবে বিশেষ। মিথুন, মকৰ, মীন, বৃশ্চিক আৰু ধনু ৰাশিৰ বাবে এইবাৰৰ চন্দ্ৰ গ্ৰহণ যথেষ্ট ভাল। গতিকে এই পাঁচটা ৰাশিৰ বাহিৰে বাকী কেইটা ৰাশিয়ে পৰাপক্ষত চন্দ্ৰ গ্ৰহণ দৰ্শন নকৰিলে তেওঁলোকৰ বাবে ভাল। বিশেষভাৱে গৰ্ভৱতী মহিলাৰ বাবে এইবাৰৰ চন্দ্ৰ গ্ৰহণ যথেষ্ট বেয়া। পৰাপক্ষত গৰ্ভৱতী মহিলাই এই চন্দ্ৰ গ্ৰহণ দৰ্শন নকৰাই উচিত। এইবাৰ মিথুন, মকৰ, মীন, বৃশ্চিক আৰু ধনু ৰাশি ওপৰত আছে ৰাজ যুগ লগতে এইকেইটা ৰাশিৰ ওপৰত বহু বছৰৰ পিছত গজ’কেশৰী যুগৰ প্ৰভাৱ পৰিছে বুলি জানিব দিয়ে। জানিব পৰা মতে এই পাঁচটা ৰাশিৰ সা-সম্পত্তি , ধনেৰে উভয়নদী হৈ পৰিব।

lakhi

ধৰ্মীয় বিশ্বাস অনুসৰি ৰাতি খোৱা বাচন সমূহ পৰাপক্ষত ৰাতিয়ে ধুই থোৱা প্ৰয়োজন। তেনে কৰিলে আপোনাৰ ঘৰত কু-লক্ষ্মীয়ে বাহ নলয়। দেৱী লক্ষ্মী তুলসী গছত বাস কৰে। এই লক্ষ্মী পূজাৰ দিনটোত কেতিয়াও তুলসী গছক অৱহেলা নকৰিব। যিমান পাৰে তুলসী গছক পূজা কৰক। তুলসী মন্দিৰৰ সন্মুখত বন্তি জ্বলাওক। তুলসী গছৰ তলত পানী দিয়ক। পাৰিলে গাখীৰেৰে তৈয়াৰী পায়স চন্দ্ৰৰ পোহৰত থৈ দিব। পিছদিনা ঘৰৰ সকলোৱে সেই পায়স প্ৰসাদ হিচাপে গ্ৰহণ কৰক। তেতিয়া গোটেই বছৰটো দেৱীৰ বিশেষ কৃপা আপোনাৰ ঘৰত থাকিব। সংগৃহীত ছবি।

Category
Profile picture for user UB Photos