কংগ্ৰেছৰ ওপৰত আস্থা নাই অখিল গগৈৰ......

Akhil Gogoi

কংগ্ৰেছৰ ওপৰত আস্থা নাই অখিল গগৈৰ। বাৰে বাৰে বিৰোধী ঐক্যত কেৰুণ লগাই কংগ্ৰেছেই। যিকোনো মূল্যৰ বিনিময়ত বিজেপিক পৰাভূত কৰিবলৈহে কংগ্ৰেছৰ বিৰোধী ঐক্য মঞ্চত এক হৈছে আন দল সমূহ। কংগ্ৰেছৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।

বৰ্তমান সন্দেহৰ আৱৰ্তত কংগ্ৰেছ! সন্দেহজনক স্থিতিত কংগ্ৰেছ! ২০২১ ৰ দৰে ২০২৪ তো ঐক্য দলক ঠগিব নেকি কংগ্ৰেছে? 

কংগ্ৰেছক লৈ বৰ্তমানেও সন্দেহ আতৰা নাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। কিহৰ বাবে অখিল গগৈৰ সন্দেহ কংগ্ৰেছৰ বিৰুদ্ধে? ২০২১ ত ৰাইজৰ দল, অসম জাতীয় পৰিষদক ঠগি থৈছে কংগ্ৰেছে!
 
বিধানসভা নিৰ্বাচনৰ সময়ত কংগ্ৰেছে খেলিমেলি কৰি বিজেপিৰে মিত্ৰতা থকাৰ অভিযোগ আনিছিল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ বিৰুদ্ধে। এই গুৰুতৰ অভিযোগ অখিল গগৈৰ। এইবাৰ যেনেদৰে নহওক কিয় ৰাইজৰ দলক যোৰহাট সমষ্টি লাগিবই! যোৰহাটত নাই কংগ্ৰেছৰ উপযুক্ত প্ৰাৰ্থী: অখিল গগৈ।

Category
Profile picture for user UB Photos