কংগ্ৰেছ হেনো গেলিছে, এই মন্তব্য বদৰুদ্দিন আজমলৰ! কিয় কংগ্ৰেছৰ ওপৰত ক্ষোভ AIUDF প্ৰধান গৰাকীৰ?.......

badruddin

এতিয়া কংগ্ৰেছৰ প্ৰতি যেন মন সলনি হ'ল AIUDF ৰ। কংগ্ৰেছক শয়নে সপোনে দেখি থকা আজমলে এইবাৰ কংগ্ৰেছক নালাগে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিলে। কংগ্ৰেছ হেনো গেলিছে, মন্তব্য বদৰুদ্দিন আজমলৰ। 

" কংগ্ৰেছ পচিছে,  কংগ্ৰেছে Request কৰিলেও মিত্ৰতা নকৰে AIUDF এ " এই বিস্ফোৰক মন্তব্য বদৰুদ্দিন আজমলৰ। লগতে তেওঁ কয় যে, " বৰবাদ হৈ গ'ল কংগ্ৰেছ, সেইবাবে লোকসভাত এখন আসন লাভ কৰিব কংগ্ৰেছে "

উল্লেখ্য যে, কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বিচৰা AIUDF ৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ। তেওঁৰ মন্তব্যত তেওঁ কয় য, লোকসভাত AIUDF এ তিনিখন আসন লাভ কৰিব আৰু অতিৰিক্ত দুখন আসনৰ বাবে যুঁজ দিব AIUDF এ । সাংবাদিকক এই মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ।

আনহাতে, কংগ্ৰেছৰ প্ৰতি বদৰুদ্দিন আজমলৰ মোহভংগ হোৱাৰ কাৰণ কি? কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ কথা প্ৰতি মুহুৰ্তত কৈ থকা বদৰুদ্দিন আজমলৰ এই মন্তব্যই তাৎপৰ্য বহন কৰিছে।

Category
Profile picture for user UB Photos