চাণক্যৰ নীতি অনুসৰি, পুৰুষৰ কি কি স্বভাৱৰ বাবে নাৰীসকল তেওঁলোকৰ প্ৰেমত পৰে? জানো আহক....

love

প্ৰতিজন মানুহৰে ব্যক্তিত্ববোৰ বেলেগ বেলেগ হোৱাটো স্বাভাৱিক। মানুহ ভেদে মানুহৰ ভাল লগা পছন্দ-অপছন্দ, অভ্যাস, আশা, ধাৰণা সকলোবোৰ বেলেগ বেলেগ। কিন্তু তাৰ মাজতে প্ৰায় ভাগৰে স্বভাৱ সমূহ একে থকাটো ও দেখিবলৈ পোৱা যায়।

উল্লেখ্য যে, নাৰীসকলে বহু সময়ত পুৰুষ সকলৰ স্বভাৱ আৰু অভ্যাসৰ বিষয়ে আলোচনা কৰে। কোনো কোনোৱে কিছুমান ল'ৰাৰ অভ্যাস একেবাৰে ভাল নাপায়। কোনোৱে আকৌ বিশেষ ব্যক্তিত্ব থকা পুৰুষসকলক ভাল পায়।

চাণক্যৰ নীতি অনুসৰি, পুৰুষৰ এনে কিছুমান অভ্যাস বা গুণ আছে, যিয়ে নাৰীক আটাইতকৈ বেছি আকৰ্ষণ কৰে। গতিকে, নাৰীসকলক আকৰ্ষণ কৰা পুৰুষৰ সেই গুণসমূহৰ বিষয়ে জানো আহক।

সততা: সৎ ব্যক্তিক সকলোৱে ভাল পায়, সন্মান কৰে, আৰু তেনে সৎ পুৰুষ সকলেই প্ৰথমে নাৰীৰ হৃদয় জয় কৰে। এটা সম্পৰ্কত প্ৰেমিকাক নিজৰ সকলো কথা মুকলি কৰি কব লাগে। আপোনাৰ ভাল কথাবোৰ কোৱাৰ লগতে বেয়া কথাবোৰো লুকুৱাই ৰাখিব নালাগে। যি পুৰুষৰ এই অভ্যাস আছে সেই পুৰুষ হৈছে নাৰীৰ প্ৰিয়।

ভাল আচৰণ: সকলোকে ভাল আচৰণ কৰাটো আমাৰ দায়িত্ব। চাণক্য নীতিৰ মতে এজন পুৰুষে আনৰ প্ৰতি কেনে আচৰণ কৰে সেই কথটো এগৰাকী নাৰীয়ে খুব ভাল দৰে পৰ্যবেক্ষণ কৰে। যদিহে আপুনি আনৰ লগত বেয়া আচৰণ কৰে তেন্তে এই আচৰণে আপোনাৰ প্ৰেমিকাৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে। 

ভাল শ্ৰোতা:  বৰ্তমান সময়ত ভাল শ্ৰোতা এজন পোৱাটো সচাঁই বৰ কঠিন। সকলো মহিলাই নিজৰ সংগীজনে তেওঁলোকৰ কথা মনোযোগ দি শুনাটো বিচাৰে। সেয়েহে এগৰাকী মহিলাই ভাল শ্ৰোতা পুৰুষক বেছি পছন্দ কৰে। 

Category