
আজি কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় কাতি বিহুৰ। অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিজন চহা অসমীয়াই তুলসীৰ তলত বন্তি জ্বলাই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰে। কঁপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰে খেতিয়কসকলে। সন্ধিয়া আকাশ বন্তিৰ পোহৰে উজলাব অসমীয়াৰ পদূলি।

বৰ্তমান পথাৰবোৰ সেউজীয়া হৈ পৰিছে। কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা শস্যশ্যামলা হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰি আজি পথাৰত চাকি জ্বলাই মা লক্ষ্মীক প্ৰাৰ্থনা কৰিব চহা কৃষকে। উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য অবিহনে প্ৰতিজন অসমীয়াই পালন কৰিব কঙালী বিহু। অসমীয়া ৰাইজে ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত পালন কৰি আহিছে এই বিহু।
কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী আমাৰ আপোন। তিনি বিহুৰ অন্যতম।
- Log in to post comments